পৃষ্ঠা:ধনন্তৰী বধ.djvu/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আস্তিকন্য মুনিৰ্মাতা বাসুকী ভগিনী স্তথ।
জৰৎকাৰু মুনি পত্নী বিষহৰি নমস্তুতে॥


গণেশ বন্দনা

বন্দো দেব গজানন  শিব সুত ৰূপবান
 এক দন্ত কুঞ্জৰ বদন।
চতুৰ্ভুজ লম্বোদৰ  তনু অতি মনোহৰ
 দেহ শোভে আলতা বৰণ॥
ত্ৰিনয়ন শোভে ভালে  মাথাত কিৰিটি জ্বলে
 পদতল দেখি মনোৰম।
আজানুলম্বিত কৰ  তুমি দেৱ বিঘ্নহৰ
 তুমি দেৱ দেৱতা প্ৰধান॥
দেৱৰ মধ্যত সাৰ  অগ্ৰে পূজা সৰাকাৰ
 সিদ্ধিনাথ গৌৰীৰ তনয়।
তুমি দেৱ গণপতি  তুষ্ট হোৱা যাৰ প্ৰতি
 ধনে জনে সৰ্ব্ব সুখ পায়॥
মই অতি মুঢ়মতি  নেজানো তোমাৰ তুতি
 নিজ গুণে কৃপা কৰা মোৰে।
কমাৰকুছি গ্ৰামে  জন্ম কহে কৰি প্ৰসন্ন
 গণেশক কৰি নমস্কাৰে॥