পৃষ্ঠা:ধনন্তৰী বধ.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
ধনন্তৰী বধ।

মৃত্তিকা আনিতে ধনা চলে অপয়াসে।।
তথাত দেখিলা জলে বহু ফেনা ভাসে॥
ধনন্তৰী বোলে বাপু শীঘ্ৰে যাহ ধনা।
শীঘ্ৰ কৰি আনা গৈ সেই কুণ্ডৰ ফেনা॥
নেতা বোলে শুনা বৈনী জয় বিষহৰি।
আৰু বাৰ শিষ্য পঠাইলা ধনন্তৰী॥
নেতা বোলে শুনা পদ্ম আমাৰ বচন।
হংসৰূপ ধৰি ফেনা কৰহ ভক্ষণ॥
হংসৰূপে পদ্মাবতী সব ফেনা খাইলা।
ফেনা নাপাইয়া ধনা সুদা হাতে গৈলা॥
নাৰায়ণ দেবে কয় মনসাৰ দাসে।
মৰণ জানিয়া ওজা চাৰিলা নিশ্বাসে॥

দিহা—অনেৰে কান্দে ওজা ধনন্তৰী বিষাদ ভাবিয়া।
 ছয় কুৰি শিষ্যে কান্দে মাথে হাত দিয়া॥

কমলাৰ ক্ৰন্দনে বৃক্ষ সৰে পাত।
ছয় কুৰি শিষ্যে কান্দে গালে দিয়া হাত॥
সাতে পাঞ্চে তুলি ধৰি ঝাৰে শিষ্যগণে।
কাল সৰ্পে খাই আছে মন্ত্ৰক নুশুনে॥
অকাৰণে ঝাৰ তোৰা বোলে ধনন্তৰী।
চৰণত ধৰি কান্দে কমলা সুন্দৰী॥