পৃষ্ঠা:ধনন্তৰী বধ.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
ধনন্তৰী বধ।

তোমাত কহিলো বৈনী যত বিৱৰণ
কমলাৰ ৰূপ তুমি ধৰা এতিক্ষণ॥
হেন শুনি পদ্মাবতীৰ হৰষিত মন।
ক্ৰন্দন কৰিয়া চলে শোকাৰুণ মন॥
সেহি পথে আইলা ধনা ঔষধক লৈয়া।
চিন্তিত ভৈলেক ধনা কমলাক দেখিয়া॥
ঔষধ হাতে কৰি ধনা আসিলা ত্বৰিতে।
কোন তুমি বুলি ধন লাগিলে পুচিতে॥
কাহাৰ কুমাৰী তুমি থাকা কোন দেশে।
কেমন কাৰণে কান্দা কহাতো বিশেষে॥
বোলে ধনন্তৰী ওজা মোৰ পতি হয়।
সুন্দৰ শৰীৰ তাৰ অগনিত হৈলা ক্ষয়॥
বজ্ৰাঘাত হৈলা যেন ধনা মনাৰ মুণ্ডে।
নিশব্দ হৈলা ধনা বাক্য নাহি তুণ্ডে॥
ঔষধ পেলায়া ধনা আসিলা কান্দিয়া।
ঔষধক পাই পদ্মা লৈলেক হৰিয়া॥
শীঘ্ৰ কৰি ধনা মনা ঘৰে চলি গৈয়া।
হেট মাথা হৈলা ধনা গুৰুক দেখিয়া॥
ধনন্তৰী বোলে বাচা ঔষধ আনা এথা।
ঔষধ পাইলে প্ৰাণ বাঁচিবো সৰ্ব্বথা॥
ধনা বোলে ঔষধ পালো হৰষিত হৈয়া।
হেন কালে এক নাৰী কহিলা কান্দিয়া॥