ধনন্তৰীৰ বচন শুনিয়া শিষ্যগণে।
পোড়া মৎস্য হাতে লৈ কৰিলা গমনে॥
কতো শিষ্যে থাকিলেক ওজাক আৱৰি।
ধনা মনা দুয়ো পৰ্ব্বতক গৈলা লৰি॥
পৰ্ব্বতক চলি গৈলা পোড়া মৎস্য লৈয়া।
প্ৰতি গাছে গাছে মাছ ফুৰিলা চোৱাইয়া॥
গাছ পৰশনে বৰ্ত্তিয়া উঠে মাছ।
ডালে মূলে উভাৰি আনিলা সেহি গাছ॥
ঔষধ পাইযা ধনা হৰষিত হৈয়া।
হেনকালে নেতা কহে পদ্মা আগে গৈয়া॥
নেতা বোলে শুনা বৈনী জয় বিষহৰি।
নাসাধিলা বাদ নমৰিলা ধনন্তৰী॥
ধনা মনা আইলা দুয়ো ঔষধক লৈয়া।
বৰ্ত্তিবেক ধনন্তৰী সেই ঔষধ পাইয়া॥
নেতা বোলে শুনা পদ্মা আমাৰ বচন।
কমলাৰ ৰূপ তুমি ধৰা এতিক্ষণ॥
ধনা মনা নিকতক চলা শীঘ্ৰ কৰি।
মায়া কৰি পদ্মা তুমি খহোৱা কবৰী॥
গুঞ্জৰীৰ তীৰে মই জালোহো অগনি।
কান্দিয়া কান্দিয়া ধনাক দেখিবাহা তুমি॥
বোলে ধনন্তৰী ওজা মোৰ পতি হয়।
সুন্দৰ শৰীৰ তাৰ অগনিত হৈলা ক্ষয়।
কি কাৰণে ঔষধ বাচা নেহ কি লাগিয়া।
মৰিলেক ধনন্তৰী ঔষধ পেলাই দিয়া॥
পৃষ্ঠা:ধনন্তৰী বধ.djvu/৩২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
ধনন্তৰী বধ।