পৃষ্ঠা:ধনন্তৰী বধ.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ধনন্তৰী বধ।

ছয় তোলা বিষে অন্ন কৰহ ভোজন।
অবসৰ নুহিবেক এক গোটা অন্ন॥
তাৰ এক গোটা অন্ন যেহি দিনা টুটে।
এহি উদয় কালে খাইবো তোমাৰ ললাটে॥
বাক্য নুশুনিয়া সৰ্প নিলিহি সত্বৰে।
সেহি নাগে খাইবো তোমাৰ ব্ৰহ্মদ্বাৰে॥
হাতে লাগ না পাইবা চক্ষে নেদেখিবা।
সেহি দিনা তাৰ হাতে মৰণ লভিবা॥
ক্ৰোধ কৰি পৰীক্ষিতে কহে জনে জনে।
যথা পাওঁ উদয় কাল মাৰহ পৰাণে॥
ৰাজা দোলে ওজা তুমি চলি যোৱা ঘৰে।
উদয় কালক থও আনি মহাদেৱৰ শিৰে॥
তাক কাৰো আনিবাৰ নাহিকে শকতি।
ইন্দ্ৰ আদি দেব যদি আসে প্ৰজাপতি॥
অপোনাৰ মৃত্যু কথা সকলে কহিলা।
গুপ্ত বেশে পদ্মাৱতী সকলো শুনিলা॥
মনে মনে হাসিতে লাগিলা বিষহৰি।
কাৰ্য্যসিদ্ধি ভৈলা বধিলো ধনন্তৰী॥
নেতা পদ্ম দুইজনে কৰিলা গমন।
শীঘ্ৰগতি চলি গৈলা আপন ভবন॥
আপোনাৰ বিশ্বাস কথা স্ত্ৰীৰ আগে কয়।
চৌদ্ধয় পুরুষ তাৰ নৰকে পৰয়॥