পৃষ্ঠা:ধনন্তৰী বধ.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
ধনন্তৰী বধ।

জানিয়া নকহা কথা ভাণ্ডহ আমাৰে।
তাক শুনি কমলাই লাগে কহিবাৰে॥
কমলাই বোলে সখি ভোমাৰ মাথা খাই।
যদি ওজা মোৰ আগে কোন কথা কয়॥
পদ্মা বোলে শুনা সখি আমাৰ বচন।
ওজাত সুধিয়া লৈবা জীৱন মৰণ॥
দেখিলেও মিছা মাতে পুৰুষ চতুৰ।
তিৰিত কৰিয়া সখি পুৰুষ নিষ্ঠুৰ॥
ওজাৰ মৰণ মই নাজানো কাহিনী।
বিষৰ কলস খাই অমৃতৰ পানী॥
যদি ওজাই নকহে তোমাত কপটে।
গলত কাটিয়া মৰো বুলিবা সাক্ষাতে॥
হেন কালে নেতা কহে পদ্মাৰ গোচৰে।
বিদায় লোৱা পদ্মাবতী চলি যাও ঘৰে॥
বিদায় লৈয়া পদ্মাবতী চলিলা অন্তৰে।
গুপ্ত বেশে সোমাই ৰৈলা ঘৰৰ ভিতৰে॥
বৈদ্য কৰ্ম্ম কৰি ওজা আসিলেক ঘৰে।
কমলাই ওজাৰ কাছে লাগে কান্দিবাৰে॥
সুকবি নাৰায়ণ দেবৰ ষোড়শ পাচালি।
কমলাৰ ক্ৰদন বুলি একই লেছাৰি॥

দিহা—বিধি কিনো ভৈলা এথা।
ভক্তিয়ে কমলা পোছে  বসিয়া ওজাৰ কাছে
মনে ৰাখে পদ্মাবতীৰ কথা॥