পৃষ্ঠা:ধনন্তৰী বধ.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ধনন্তৰী বধ।

নেতা বোলে শুনা পদ্মা আমাৰ উত্তৰ।
বেলি যাই পদ্মাবতী চলি যাওঁ ঘৰ।
নেতা বোলে শুনা বৈনী জয় বিষ হৰি।
কোন কৰ্ম্মে আসি আছা কোন কৰ্ম্ম কৰি॥
পূৰ্ব্বৰ যতেক কথা নাই সুমৰণ।
জিজ্ঞাসা কৰিয়া চলা আপোন ভবন॥
নেতাৰ বচন পদ্মা শুনিয়া শ্ৰবণে।
মায়া কৰি পোছে কথা কমলাৰ থানে॥
মোৰ সঙ্গে সহেলা কৰিল যে তুমি।
তোমাৰ সখিক ঘৰে নেদেখিলো আমি॥
মনে অসন্তোষ কৰি বোলে পদ্মাবতী।
গৃহে নাহি কেও জানো গৈছে কোন ভিতি॥
কমলা বোলয় সখি শুনা মোৰ কথা।
বিবাদক গৈছে ওজা নাহিকয় এথা॥
পদ্মাই জিজ্ঞাসা কৰে কমলাৰ থানে।
ধনন্তৰী ওজা ৰাদ কৰে কাৰ সনে॥
কমলা বোলয় এক শিবৰ কুমাৰী।
নাগৰ জননী মাতা জয় বিষহৰি॥
নাগ দিয়া দংশে পদ্মা চান্দোৰ কুমাৰ।
মাৰিতে নাপাৰে ওজা জীয়াই বাৰেবাৰ॥
পদ্মা সঙ্গে বাদ কৰে চান্দো অধিকাৰী।
মহা যত্ন কৰি ৰাখে ওজা ধনন্তৰী॥