পৃষ্ঠা:ধনন্তৰী বধ.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ধনন্তৰী বধ।

শুনিয়া কমলা ওলাই আসিলা বাহিৰে।
সহেলাৰ কৰ্ম্ম দেখি লাগে চমৎকাৰে॥
দুৱৰী তেখনে দুৱাৰ এৰি দিলা।
হৰষিতে দুইজনে ঘৰে প্ৰবেশিলা॥
দেখিয়া কমলা বোলে সখি আইলা ঘৰে।
ধান্য দূৰ্ব্ব লৈয়া আসি চাপিলা ওচৰে॥
মঙ্গলৰ যত দ্ৰব্য পদ্মাৰ আগে দিলা।
গলাগলি কৰি দুয়ো ঘৰে প্ৰৱেশিলা॥
দৈবৰ নিৰ্ব্বন্ধ কথা লেখিছে কপালে।
ধনন্তৰীৰ ঘৰে আসি সোমাইলেক কালে॥
ধনী মৰিবেক কমলাৰ দোষে।
নাৰায়ণ দেবে কয় মনৰ দাসে॥

দিহা—ঐ আৰে জানকী জীৱন ৰাম
 দেখিতে শুনিতে পাম নয়ন ভৰিয়া চাও হৰি।

ঢাক মৃদঙ্গ বাজে খোল কৰতাল।
ভেউৰী মৃদঙ্গ বাজে শুনিতে বিশাল॥
নৃত্যকী কৰে নৃত্য গায়নে গায় গীত।
মাঙ্গল্য পাতিল যাই হৈ হৰষিত॥
সহেলা পাতিলা দুয়ো হৰষিত মন।
কৰ্পুৰ তাম্বুল সবে কৰিলা ভোজন॥