পৃষ্ঠা:দৰবাৰ.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১২ )

মানু যাব জাক জাক,  কত মিছিং কত মিপাক্,
বাগি-বুঅৰি যাব পৰ্জা, অব লেল্‌ পেল্‌।
মিৰি।—কঙ্কাই, কিবা মেল অব, তই যাবি না?
অসমীয়া।—এৰা, যাম পাই। তুইও যাবি নে কি?
মিৰি— আমাৰ গামে কবক দিছে, চব মানু যাব লাগে। তাত নো কি
অব, কাঙ্কাই কব পাৰ না?
অসমীয়া।-তাত নাচ, গান বহুত কিবাকিবি হব।
মিৰি।—আমাৰ গাব নাচিব না?
অসমীয়া৷- নহয়, কলিকতাৰ পৰা ভাল নাচনী আহিছে।
মিৰি।—এ, মিছা কথা, আমাৰ মিৰিয়নীৰ মান কোনাৱে নাচিব
নোৱাৰে। আমাৰ মিৰিয়নী হঁতে, কঙ্কাল ছিঙ্গি যাব, তেও
নাচিব নহয়। তই পাৱতী গাবৰুক চিনি পাৱ না?
অসমীয়া।-নেপাও, কেলৈ নো সুধিছ?
মিৰি।—তাইৰ সমান কোনে নাচিব পাৰে, চাওঁচোন। কলিতা নে
লাগে তাতোকৈ ভাটিয়লীয়া গুৱাআটী চহৰৰ নাচনী আহিলেও,
আমাৰ উজনিয়াল মিৰিয়নী গাবৰুক চেৰ পেলাব নোৱাৰে।
অসমীয়া।-তহঁতে কলিকতীয়া নাচনী নাই দেখাদেখি হে এই দৰে
কৈছ। তহঁতৰ মিৰিয়নীয়ে সিহঁতৰ জোৰ কি পাব।
মিৰি —তই জানো আমাৰ নৰাছিঙ্গা বিত, পাৱতী গাবৰুৱে নচা
দেখিছ? তাইৰ জোৰ কোনে লব পাৰে? তহঁতৰ ইন্দু তাইৰ
ঠেং-তলে যক।
অসমীয়া।-কি মৰিবৰ চিন হল্! কেনেকৈ কথা পাতিব লাগে, তাকো
নেজান? হিন্দুৱে মিৰিয়নীৰ ঠেং-তলে যাব?