(৯)
দ্বিতীয় দৰ্শন।
দৰবাৰৰ ওচৰৰ ঠাই।
(এমন কাবুলীৰ প্ৰবেশ।
খাম্বাজ-ঠেচ, কাওৱালি।
কাবুলী।—
খাস্ কাবুল কা মিঠা ফল খা লেও বেদম;
পেস্তা মেৱা থিস্মিস্ সোহোৰা বাদাম।
আখৰাট্ বেদানা ফল, আঙ্গুৰ লে লেও বিলকুল্,
দৰবাৰ ওৱালা সৱ জোৱান হো যায়েগা একদম।
( এজন অসমীয়াৰ প্ৰবেশ।)
কাবুলী। (হাতত ধৰি) পয়সা নিকাল। কেত্তা মহিনা হুৱা, দাম
দেনেকা খিয়াল নেহি হায়। বেইমান্, ইস্ বখত পয়সা
দেও। নেহি ছোড়েঙ্গে।
অসমীয়া। (মনে মনে) হাঁ ভৈয়াই, আজি যমদূতৰ হাতত পৰিলোঁ।
ইমান দিন টাগবাগ্কৈ ফাঁকি দি ফুৰিছিলোঁ, আজি দৰবাৰ
চাবলৈ আহি ধৰা পৰিলোঁ। (ফুটাই) কাবুলী চাহাব,
তোমাকে ইয়াতে পাম বুলি হাম মালুম কৰা নাই। নহলে
ৰূপিয়া আনিলোঁহেঁতেন। তুমি মোক কথাবাৰ্ত্তা নোকোৱাকৈ হাতমে :::ধৰিলা কেলৈ? মই বামুণৰ বেটা, এইঠো
লগুণ চোৱাঁ। অজাতিয়ে ছুলত এতিয়া মোৰ পৰাচিত
লাগ্গিয়া। চাৰি ধেনু পৰাচিত লৈলগা। সেই ধন আতি
তুমি দিব নে? ৰাম, ৰাম, তুমি খেৰাপ কাম কৰিলে।
কাবুলী।-তোম্ মতোৱাল হায়। ভৰ্ ভৰ্, ভৰ্, ভৰ্কিয়া বাত বতি
য়াওতা? কুছ সমজ্তা নেহি। যব পাকৰ গিয়া, নেহি
ছোড়েঙ্গে।