মাধৱে বোলন্ত শুনিয়োক সিন্ধুৰাজ।
তোমাৰ ভাৰ্য্যাক দিলোঁ ইন্দ্ৰে কৰি লাজ॥১১০৯
নিৰ্ভয়ে থাকিয়োঁ এবে তুমি সিন্ধুৰাজ।
তোমাৰ ভাৰ্য্যাক দিয়া সাধিলোহোঁ কাজ॥
এহি বুলি মাধৱে যে ৰথক ডাকিলা।
সাগৰ চেৰাই আসি গঙ্গাতীৰ পাইলা॥১১১০
মাধৱ বদতি সখি শুনা ধনঞ্জয়।
দেবক হৰক যুঁজি পাইলোঁ যশ চয়॥
হেনয় যশক তুমি নকৰিবা ক্ষয়।
মোহোৰ বচন শীঘ্ৰে ধৰা ধনঞ্জয়॥১১১১
গঙ্গাত যে তীৰ্থ তুমি কৰা মহাশয়।
তেবেসে তোমাৰ যশ ৰৈবে ধনঞ্জয়॥
দেৱ-দ্ৰোহ তোমাত লাগিছে বেচি কৰি।
তাহাক এৰাওঁ সখি তীৰ্থ-ব্ৰত কৰি॥১১১২
দ্বাৰকা নগৰে কিবা হৈছে উতপাত।
শুনিবাহা সখি তুমি মাধৱৰ মত॥
মাধৱ-বচনে বীৰ নামিলা।
অৰ্জ্জুনৰ বল বীৰ্য্য মাধৱে বুজিলা॥১১১৩
মাধৱে বোলন্ত সখি থাকা মাস চয়।
তাৰ পাচে যাইবা তুমি দ্বাৰকা নিলয়॥
মাধৱৰ ধনু শৰ ৰথ সাজ থই।
আপোনাৰ ধনু শৰ ধনঞ্জয়ে লই॥১১১৪
মাধৱক ধনঞ্জয়ে কৰি নমস্কাৰ।
গঙ্গাত একলে ৰৈলা পাণ্ডুৰ কুমাৰ॥
মাধবেয়ো বাম হাতে ডাকে চাৰি ঘোৰা।
পবন সঞ্চাৰে চলে বায়ু নোহে যোৰা॥১১১৫
পৃষ্ঠা:দেৱজিত.djvu/২২৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৪
দেৱজিত।