পৃষ্ঠা:দেৱজিত.djvu/২১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৬
দেৱজিত।

শীঘ্ৰে আসি সম্বৰিয়ো অজ ব্ৰহ্ম শৰ।
ব্ৰহ্মাহৰ সমে ভৈলা ত্ৰিদশৰ ডৰ॥১০৬৪
মাধৱৰ বচনে অৰ্জ্জুনৰ ৰঙ্গ ভৈলা।
অজ ব্ৰহ্ম শৰ বীৰে তূণে সোমাই থৈলা॥
যেহি বেলা নিজ শৰ তূণে বীৰে থৈলা।
সেহি বেলা দেৱতাৰ ধাতু আসি পাইলা॥১০৬৫
জয় জয় বুলি দেৱে জোকাৰ পাৰিলা।
শুভ শুভ বুলি দেৱে পুষ্প বৰষিলা॥
পুষ্প বৰষিলা দেৱে দণ্ডৱতে পৰি।
কৰিবে লাগিলা স্তুতি কৃতাঞ্জলি কৰি॥১০৬৬
নমোঁ নমোঁ কৃষ্ণ প্ৰভু অজ ব্ৰহ্ম হৰি।
পূৰ্ণ ব্ৰহ্ম ৰূপে আছা ব্ৰহ্মাণ্ডক ধৰি॥
প্ৰকৃতি পুৰুষৰূপে প্ৰভু নাৰায়ণ।
মহা লীলা কৰি স্ৰজা চৈধ্যয় ভুবন॥১০৬৭
চৰাচৰ প্ৰাণী সব পশুপক্ষী চয়।
তুমি সে স্ৰজিয়া আছা দেৱ কৃপাময়॥
চৰাচৰ ইন্দ্ৰ আদি যত দেৱগণ।
তোমাৰ শৰীৰে হৈছে সবাৰ উৎপন্ন॥১০৬৮
এতেকে ইন্দ্ৰক প্ৰতি ক্ৰোধ এৰা হৰি।
ইন্দ্ৰক ৰাখিয়ো প্ৰভু চৰণে সম্বৰি।
ব্ৰহ্মাৰ বচনে পাছে প্ৰভু নাৰায়ণ।
মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন॥১০৬৯