বৃষভত বসি ৰঙ্গে দেৱ মহেশ্বৰ।
হংসত দেখয় আপোনাক সৃষ্টি কৰ॥১০৫৩
কোটি কোটি ব্ৰহ্মাণ্ডক ব্ৰহ্মায়ে দেখন্ত।
মহা জ্যোতিৰ্ম্ময় হুই অস্ত্ৰ যে জ্বলন্ত॥
সেহি বেলা অস্ত্ৰ মহা জ্যোতিৰ্ম্ময় ভৈলা।
কোটি কোটি ৰবি শশী যেন দেখা দিলা॥১০৫৪
অস্ত্ৰৰ যে মহাৰশ্মি চক্ষুত লাগিলা।
চক্ষু ফুটে বুলি লোকে চক্ষুক ঢাকিলা॥
ব্ৰহ্মা হৰ আদি কৰি চক্ষু ঢাকি ধৰি।
কৰিবে লাগিলা স্তুতি কৃতাঞ্জলি কৰি॥১০৫৫
নমো নমো নাৰায়ণ তোমাৰ চৰণ।
অগতিৰ গতি প্ৰভু তুমি নিৰঞ্জন॥
চদ্মৰূপে অস্ত্ৰ হুয়া আছা দেৱ হৰি।
অস্ত্ৰৰ মূৰ্ত্তিক দেখি আমি যাওঁ মৰি॥১০৫৬
ৰাখা ৰখা প্ৰভু যে আমাৰ তুমি প্ৰাণ।
নামাৰাইবা তুমি অৰ্জ্জুনৰ হাতে বাণ॥
ইন্দ্ৰক লাগিয়া শৰ নকৰা প্ৰহাৰ।
ইন্দ্ৰ সমে আমাক যে কৰিবে সংহাৰ॥১০৫৭
এহি বুলি ব্ৰহ্মা সমে দেৱ পশুপতি।
কৃষ্ণৰ আগত দেৱ সমে কৰে স্তুতি॥
কোটি কোটি ব্ৰহ্মাণ্ডক স্ৰজা নাৰায়ণ।
তোমাৰ পালন আমি ব্ৰহ্মা ত্ৰিনয়ন॥১০৫৮
পৃষ্ঠা:দেৱজিত.djvu/২১৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৪
দেৱজিত।