পৃষ্ঠা:দেৱজিত.djvu/২১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৩
দেৱজিত।

মাধৱৰ বচনে অৰ্জ্জুন মহাবলী।
ঘৃতৰ সংযোগে যেন অগ্নি গৈলা জ্বলি॥
সেহি মতে ক্ৰোধত জ্বলিলা বীৰবৰ।
ধনুত যুৰিলা আনি অজ ব্ৰহ্ম শৰ॥১০৪৮
বৈশম্পায়ন বদতি শুনিয়ো নৃপবৰ।
অজ ব্ৰহ্ম শৰ জানা আপুনি ঈশ্বৰ॥
ধনুত যোৰন্তে শৰ মূৰ্ত্তিমন্ত ভৈলা।
মেৰু মণ্ডৰৰ সম কায় বাঢ়ি গৈলা॥১০৪৯
বিশ্বৰূপ ধৰি হৰি অস্ত্ৰ আগে ৰৈলা।
ভয়ঙ্কৰ মুখ মেলি গৰ্জ্জিবাক লৈলা॥
সেহি বেলা মুখ ভৈলা দন্ত চক্ষু কৰ্ণ।
লহ লহ জিহ্বা দেখি অগনিৰ বৰ্ণ॥১০৫০
পাছে চৰাচৰ প্ৰাণী মুখে আসে যায়।
মহাভয় হুই ব্ৰহ্মাহৰে আছে চাই॥
স্বৰ্গ মহী পাতাল যে সপত সাগৰ।
চন্দ্ৰ সূৰ্য্য ইন্দ্ৰ আদি দেৱ নিৰন্তৰ॥১০৫১
কাশ্যপ অনন্ত সমে সৰ্প আছে যত।
সবাকে দেখন্ত ব্ৰহ্মা অস্ত্ৰৰ গৰ্ভত॥
ৰাক্ষস অসুৰ যক্ষ পিশাচ আছে যত।
সুৰ নৰ মুনি সিদ্ধ নক্ষত্ৰ সমস্ত॥১০৫২
তৰু তৃণলতা বৃক্ষ পৰ্ব্বত যতেক।
অস্ত্ৰৰ গৰ্ভত ব্ৰহ্মা দেখন্ত প্ৰত্যেক॥