এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৭
দেৱজিত।
মহাচিত্ৰ বিচিত্ৰ প্ৰহাৰে দিব্য শৰ।
মহা তীক্ষ্ণতৰ যেন চক্ৰ মাধৱৰ॥
মহাক্ৰোধে দুয়ো শৰ মাৰন্ত অপাৰ।
দুহান শৰীৰে পৰে বজ্ৰৰ প্ৰহাৰ॥১০১৫
দুইৰো শৰীৰ তেজে ৰঙ্গা বৰ্ণ ভৈলা।
অশোক মদাৰ যেন পলাস ফুলিলা॥
যেন মেৰু পৰ্ব্বতৰ গেৰু বহি যায়।
সেহি মতে দুহান্তৰ ৰুধিৰ বজায়॥১০১৬
পাছে ধনঞ্জয় বীৰে শাৰঙ্গক টানি।
চয় দিব্য শৰ পাছে পঠাইলেক হানি॥
বৰ বেগে যাই শৰ হিয়াত পৰিলা।
পৃথিবী পাতাল ভেদি শীঘ্ৰে আসি পাইলা॥১০১৭
মাতলিক হানিলেক এক শৰ টানে।
সাৰথি পৰিলা ঢলি শৰৰ সন্ধানে॥
সাৰথি পৰিল দেখি ইন্দ্ৰ সুৰপতি।
ক্ৰোধত তুলিয়া লৈলা দুৰ্জ্জয় শকতি॥১০১৮
আৰু পাঞ্চ অৰ্দ্ধচন্দ্ৰ গুণত চৰাইলা।
কৰ্ণমানে ধনু টানি প্ৰহাৰি পঠাইলা॥
অৰ্জ্জুনেও শৰচয় প্ৰহাৰিলা ডাটি।
ইন্দ্ৰৰ হাতৰ শূল পেলাইলা কাটি॥১০১৯
শূল কাটি অৰ্জ্জুনে মাৰিলা দশ শৰ।
মহাবেগে চলে শৰ গগন ভিতৰ॥