পৃষ্ঠা:দেৱজিত.djvu/২০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪
দেৱজিত।

ইন্দ্ৰেও পীড়িত ভৈলা নাহিকে চেতন।
নলৰয় হাত ভৰি মৃতক সমান॥৯৯৮
ইন্দ্ৰক দেখিয়া পাছে মৃতকৰ নয়।
মাতলিৰ মনত মিলিলা মহা ভয়॥
দণ্ড চাৰি থাকি পাছে লভিলা চেতন।
শুভ শুভ কৰে দেখি যত দেৱগণ॥৯৯৯
ৰণ ছাৰি নযায় পাছে দেৱ পুৰন্দৰ।
অৰ্জ্জুনে লৈবাক আসে মোৰ স্বৰ্গপুৰ॥
এহি বুলি ইন্দ্ৰে বৰ ক্ৰোধত জ্বলিলা।
ব্ৰহ্মাৰ ডিবাৰ শৰ গুণত যুৰিলা॥১০০০
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা হৰিহয়।
বিম্বাদ শবদে শৰ আকাশে চলয়॥
আকাশত মেঘগণ কৰিয়া নিৰ্য্যান।
জাজ্বল্য সমানে চলে বহ্নি সম ঠান॥১০০১
দশোদিশ আকাশ ঢাকিলা সমুদায়।
মহাবেগে অস্ত্ৰে অৰ্জ্জুনক খেদি যায়॥
অৰ্জ্জুনে দেখন্ত খেদি আসে ব্ৰহ্মশৰ।
যুগান্ত কালৰ যেন বহ্নিৰ সঞ্চাৰ॥১০০২
অৰ্জ্জুনেও ব্ৰহ্মশৰ কৰিলা প্ৰহাৰ।
বিধুম অগনি হুই চলিল সত্বৰ॥
মনোজয় বেগে খেদি ইন্দ্ৰ-শৰ পাই।
আকাশতে ইন্দ্ৰ-শৰ কৰিলন্ত ক্ষয়॥১০০৩