পৃষ্ঠা:দেৱজিত.djvu/২০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০২
দেৱজিত।

শৰৰ সন্ধানে সাৰথিও অচেতন।
হেন দেখি বিমন ভৈলন্ত দেৱগণ॥ ৯৮৭
ঘোৰাক মাৰিলা বীৰে হাজাৰেক শৰ।
বজ্ৰৰ সন্ধানে ভেদিলন্ত দৃঢ়তৰ॥
অৰ্জ্জুনৰ শৰে পাছে হাজাৰেক ঘোৰা।
চক্ৰাকাৰ ফুৰে পাক বায়ু নোহে যোৰা॥ ৯৮৮
ৰথি সাৰথিও পাছে চেতনক পাইলা।
ৰথ পাক ফুৰে দেখি ইন্দ্ৰ ভয় ভৈলা॥
ৰথ থিৰ কৰিলন্ত মাতলি সাৰথি।
অৰ্জ্জুনৰ সম্মুখে ৰাখিলা মহাৰথী॥ ৯৮৯
বাছি বাছি অৰ্দ্ধচন্দ্ৰ গুণত চৰাইলা॥
মন্ত্ৰ পঢ়ি ক্ষুৰপতি প্ৰহাৰ কৰিলা॥
অৰ্জ্জুনৰ হিয়াত পৰিলা সেহি তালে।
পৃথিবী ফালিয়া শৰ পশিলা পাতালে॥ ৯৯০
সাগৰত স্নান কৰি শৰ সেইক্ষণে।
পুনু পশিলন্ত শৰ অৰ্জ্জুনৰ তূণে।
মাধৱক ইন্দ্ৰে শৰ কৰিলা প্ৰহাৰ।
চাৰিও ঘোৰাক শৰ মাৰিলা হাজাৰ॥ ৯৯১
শৰৰ প্ৰহাৰে চাৰি ঘোৰা ফুৰে পাক।
ৰথখান ফুৰে যেন কুমাৰৰ চাক॥
ৰথক কৰিলা থিৰ পাছে দামোদৰ।
ইন্দ্ৰৰ সম্মুখে ৰাখিলন্ত ৰথবৰ॥ ৯৯২