পৃষ্ঠা:দেৱজিত.djvu/১৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৯
দেৱজিত।

অৰ্জ্জুনৰ শৰ গৈলা বিদ্যুত সঞ্চাৰে।
কোটি কোটি বহ্নি যেন গগন ভিতৰে॥
ইন্দ্ৰৰ যে ব্ৰহ্ম অস্ত্ৰ শীঘ্ৰে কৰি নাশ।
দুনাই গৈলেক শৰ অৰ্জ্জুনৰ পাশ॥৯৭১
ব্ৰহ্ম অস্ত্ৰ ছন্ন কৰি পাণ্ডুৰ নন্দন।
সহস্ৰে সহস্ৰে প্ৰহাৰিলা শৰগণ।
অযুত নিযুত শৰ কৰিল প্ৰহাৰ।
ক্ষণেকে ঢাকিলা বীৰে ৰবিৰ সঞ্চাৰ॥৯৭২
আৰু দিব্য নানা শৰ কৰিলা প্ৰহাৰ।
ইন্দ্ৰৰ শৰীৰে ভেদে বজ্ৰ সম শৰ॥
হৃদয় বিদাৰি শৰ গৈলেক নিকলি।
পৃথিবীত সবে শৰ পশে হলহলি॥৯৭৩
সাগৰত স্নান কৰি শৰ শীঘ্ৰে আসি।
অৰ্জ্জুনৰ তূণত থাকিলা বেগে পশি॥
অৰ্জ্জুনৰ শৰ চোটে বাসৱ জ্বলিলা।
দিব্য অৰ্দ্ধচন্দ্ৰ শৰ গুণত চৰাইলা॥৯৭৪
মন্ত্ৰ পঢ়ি প্ৰহাৰিলা শৰ মহাবলে।
জাজ্বল্য আকাৰে বেগে গগনত চলে॥
অৰ্জ্জুনৰ হিয়াত পৰিলা বৰ টানে।
ক্ৰোধে জ্বলি গৈলা বীৰ শৰৰ সন্ধানে॥৯৭৫
আৰকত বৰ্ণ বীৰ চাহন নযায়।
প্ৰলয়ৰ সূৰ্য্য যেন দেখি লাগে ভয়॥