পৃষ্ঠা:দেৱজিত.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
দেৱজিত।

ৰূপান্দ্ৰীয়ো কন্যা মোৰ দিয়ো পুৰন্দৰ।
শীঘ্ৰ কৰি লৈয়া যাওঁ আপোন নগৰ॥ ৬৮
সুৰাসুৰ ঈশ্বৰ আমাৰ নিজ পতি।
মোহোৰ স্তুতিত তুষ্ট হুয়ো সুৰপতি॥
এহি বুলি নমস্কাৰ কৰিলোহোঁ মই।
মোক বুলিলেক ইন্দ্ৰে ক্ৰোধ মনে চাই॥ ৬৯
বাসৱ বদতি শুনা দুৰ্ম্মতি সাগৰ।
তোৰ সম পাপিষ্ঠ নাহিকে দুৰাচাৰ॥
ভাৰ্য্যা বুলি নিবে চাস অপ্‌সৰা গণ।
সত্যে সত্যে নেদো তোক বুলিলোঁ বচন॥ ৭০
অমৃত মথন্তে ভৈলা অপ্‌সৰা চয়।
হেন অপ্‌সৰা নিবে আসিলিহি তই॥
সসৈন্য সহিতে যদি মোক কৰা ৰণ।
ৰণ জিনি যদি নিবি তোৰ ভাৰ্য্যাগণ॥ ৭১
এহি বুলি ক্ৰোধে ইন্দ্ৰ মৌন হুয়া ৰৈলা।
ইন্দ্ৰক সম্বুধি পাচে বৰুণে বুলিলা॥
বৰুণ বদতি শুনা দেৱপুৰন্দৰ।
মোহোৰ নন্দিনী ৰূপান্দ্ৰীয়ো নাৰী বৰ॥ ৭২
সাগৰত দিছোঁ বিহা ৰূপান্দ্ৰীয়ো স্ত্ৰীক।
ৰূপান্দ্ৰীয়ো কৈল্যা প্ৰভু দিয়ো সাগৰক॥
মোহোৰ নন্দিনী ৰূপান্দ্ৰীয়ো বৰ নাৰী।
সাগৰত দিছোঁ বিহা কৈলোঁ দৃঢ় কৰি॥৭৩