পৃষ্ঠা:দেৱজিত.djvu/১৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৭
দেৱজিত।

শাৰঙ্গত যুৰি শৰ কৰিলা প্ৰহাৰ।
শঙ্কৰৰ অগ্নি শৰ কৰিলা সংহাৰ॥৮৭৮
তিখাল চোখাল দিব্য বত্ৰিশ যে শৰ।
শাৰঙ্গ ধনুত যুৰিলন্ত বীৰবৰ॥
কৰ্ণ মানে ধুনু টানি কৰিলা প্ৰহাৰ।
আকাশে চলিলা শৰ বিদ্যুত সঞ্চাৰ॥৮৭৯
মনোজয় বেগে যায় অৰ্জ্জুনৰ শৰ।
বক্ষস্থলে ভেদিলেক দুৰ্জ্জয় হৰৰ॥
হৃদয় বিদাৰি পিঠি পাচে ওলাই শৰ।
তূণত পশিলা যাই বীৰ অৰ্জ্জুনৰ॥৮৮০
শৰৰ প্ৰহাৰে হৰ জৰ্জ্জৰিত ভৈলা।
অথাকে অৰ্জ্জুনে শৰ প্ৰহাৰিবে লৈলা॥
ভল্ল ভিণ্ডি পাল যে নৰাচ কনিয়ালী।
আৰু দিব্য নানা শৰ হানে মহাবলী॥৮৮১
শিলি মুখ সৰ্প মুখ ত্ৰিকস্তিকা দণ্ড।
ইসব প্ৰমুখ্যে শৰ হানে অপৰ্য্যন্ত॥
আৰু অসংখ্যাত শৰ হানে ধনঞ্জয়।
নিসন্ধি ভেদিলা বীৰে হৰৰ হৃদয়॥৮৮২
দুয়ো হাতে শৰাচ্ছন্ন কৰে বীৰবৰ।
হাতক মনিবে নপাৰয় মহেশ্বৰ॥
ওৰ কুসুমৰ বৰ্ণ দেখি কলেৱৰ।
পলাশ ফুটিলা যেন বসন্ত কালৰ॥৮৮৩