পৃষ্ঠা:দেৱজিত.djvu/১৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱজিত
১৪৭
 

পূৰ্ণ ব্ৰহ্ম শব্দ ব্ৰহ্ম কৃষ্ণ ব্ৰহ্ম পূৰ্ণ।
অদ্ভুত অনন্ত পূৰ্ণ ব্ৰহ্ম নিৰঞ্জন॥৭১০
অনাদি অনন্ত হৰি নিত্য সনাতন।
নিৰাময় নিৰ্ব্বিকাৰ দেৱ নাৰায়ণ॥
মৎস্য কুৰ্ম্ম ৰাম আদি অংশে অৱতাৰ।
পূৰ্ণ ব্ৰহ্ম হুই আছোঁ দৈবকী কুমাৰ॥৭১৪
জন্ম অপবাদ মাত্ৰ মোৰ জন্ম শূন্য।
একো কালে জন্ম মোৰ নাহিকে অৰ্জ্জুন॥
জন্ম মৃত্যু নাহি মোৰ পূৰ্ণ ব্ৰহ্ম হৰি।
ভকতৰ অৰ্থে আছোঁ নৰ ৰূপ ধৰি॥৭১৫
মোহোৰ ইসব মায়া শুনা মহাবলী।
সমস্তে প্ৰাণীক আছোঁ মায়ায়ে বিকলি॥
যিতো জনে মোৰ নলবয় নাম গুণ।
তাহাক তোমাৰ হাতে মাৰাও অৰ্জ্জুন॥৭১৬
ব্ৰহ্মা হৰ অনন্তে সেৱন্ত মোক নিতি।
তুমিও কৰাহা সখি মোহোত ভকতি॥
যদি মহা দেৱ জানা আপুনি ঈশ্বৰ।
কিসক মোহোক সেবে শুনা বীৰবৰ॥৭১৭
মোৰ পূৰ্ব্ব আজ্ঞা কিয় এৰিলা সম্প্ৰতি।
তোমাক যুঁজিবে খেদি আসে পশুপতি॥
হৰে সমে যদি ত্ৰিজগতে দেই ৰণ।
ৰণে নোৱাৰিবে কেহো বুলিলো বচন॥৭১৮