পৃষ্ঠা:দেৱজিত.djvu/১৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
দেৱজিত।

লাঙ্গল পেলাই সবে লৰ দিলা ভিৰি।
পলাইলেক একাদশ প্ৰাণ ৰক্ষা কৰি॥
হেন দেখি ইন্দ্ৰদেৱ ভযে কম্পমান।
বাসুকি সৰ্পক চাই বুলিলা বচন॥৬৩৭
শুনিয়ো বাসুকি মোৰ বাণী সৰ্পৰাজ।
কৃষ্ণ অৰ্জ্জুনক মাৰি মোৰ সাধা কাজ॥
সৰ্পগণে সমে তুমি শীঘ্ৰে যোৱা ধাই।
কৃষ্ণ অৰ্জ্জুনক মাৰি ভাঙ্গা মুনিসাই॥৬৩৮
ইন্দ্ৰ চন্দ্ৰ বাযু আদি হাৰিলেক ৰণে।
দেখা আমি কৰি আছো ঘোৰ দুঃখ মনে॥
আকে জানি শীঘ্ৰে আজি তুমি কৰা ৰণ।
কৃষ্ণ অৰ্জ্জুনক মাৰি ৰণে কৰা চন্ন॥৬৩৯
ইন্দ্ৰৰ বচনে সৰ্প বাসুকিযো ধাইলা।
ফেণাই লঙ্ঘিলা মেঘ আকাশে ধাকিলা॥
বাসুকিৰ লগে বৰ বৰ সৰ্প ধাইলা।
সৰ্পময় আকাশ পৃথিবী সব ভৈলা॥৬৪০
ফোকাৰ কৰিয়া সবে সৰ্পে দিলা জাকি।
পলাই দেৱাসুৰ সবে দশোদিশে ঢাকি॥
নাকৰ নিশ্বাসে মেঘ খণ্ড খণ্ড ভৈলা।
এহিমতে অৰ্জ্জুনক সৰ্পগণে ধাইলা॥৬৪১
সৰ্প দেখি অৰ্জ্জুনৰ নসহিলা তনু।
অৰ্জ্জুনে ধৰিলা পাচে শাৰঙ্গ যে ধনু॥