পৃষ্ঠা:দেৱজিত.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱজিত।১৩

নাৰদ বদতি শুনা প্ৰভু দামোদৰ।
তোমাক নিন্দিলা স্বৰ্গে পাপী পুৰন্দৰ॥
ব্ৰহ্মা বিষ্ণু হৰ আগে নিন্দিলেক বৰ।
নিন্দা শুনি তৈৰ গৈলা তিনিয়ো ঈশ্বৰ॥ ৪১
গৰ্ব্ব মদে অন্ধ জানা ভৈলা দেৱৰাজ।
তাৰ গৰ্ব্ব চূৰ কৰি কৰা ঘোৰ লাজ॥
আৰু তোমাসাক বোলে অপবাদ বৰ।
নৰকৰ ভাৰ্য্যা তুমি কৰি আছা ঘৰ॥ ৪২
তাহাৰ নিন্দাত ক্ৰুদ্ধমন ভৈলা বৰ।
এতেকে তোমাত কৈলোঁ দেৱ দামোদৰ॥
যেহি লাগে তাক কৰা প্ৰভু দেৱ হৰি।
স্বৰ্গক চলিলোঁ মই দিব্য বেনা ধৰি॥ ৪৩
এহি বুলি নাৰদ স্বৰ্গক চলি গৈলা।
হেন শুনি মাধৱৰ ক্ৰুদ্ধমন ভৈলা॥
মাধৱে বোলন্ত কিয় নিন্দে দুৰাচাৰ।
ইন্দ্ৰক কৰিবো আজি দুৰ্ঘোৰ সমৰ॥ ৪৪
সাগৰৰ ভাৰ্য্যা হৰি নিলা পুৰন্দৰ।
সাগৰক দিবো অঙ্গীকাৰ ৰাখি মোৰ॥
বৈশম্পায়ন বদতি শুনিয়া নৰেশ্বৰ।
জৰাসন্ধ সমে হৰি কৰিলা সমৰ॥ ৪৫
দশ পঞ্চ বাৰ হাৰি জিনিলা সমৰ।
বলে পাৰি নমাৰিলা তাক দামোদৰ॥