পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিবাহ কৰিবলৈ তেওঁ তােলনীয়া পুত্র যােগেন্দ্ৰ নাৰায়ণক আদেশ দিলে৷ কিন্তু যােগেন্দ্ৰ নাৰায়ণে এই আদেশ প্রত্যাখ্যান কৰিলে। এই কথাত ৰাণীয়ে তীব্র অপমানবােধ কৰে আৰু যােগেন্দ্ৰ নাৰায়ণক পােতাশালত বন্দী কৰায়। পতাশালত থকা অৱস্থাতে যােগেন্দ্ৰ নাৰায়ণে সম্পূর্ণভাৱে মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু বলিয়া হয়। জেদী অভয়েশ্বৰীয়ে কোনােপধ্যে নিজৰ সিদ্ধান্তৰ পৰা তিলমানো আঁতৰি নাহিল।

 ৰাজ্যৰ উত্তৰাধিকাৰী আৰু তােলনীয়া পােৰ চিন্তাই ৰাণীক দিনে নিশাই খুলি খুলি খাবলৈ ধৰিলে। নানা সমস্যাৰে ভাৰাকান্ত হৈ ১৯১৮ চনত এই গৰাকী ৰাণীৰ পৰলােকপ্রাপ্তি ঘটে।


সমাপ্ত

দেউৰীপাৰা ভাৰি গান-( ২৬ )