পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰাৱণ লঙ্কাৰ ৰজা । ৰজা য'ত গমন কৰিব তাত সকলাে ঠিক-থাক থাকিব লাগিব । সেই কাৰণে ৰাস্তা-ঘাট ঠিক কৰিবৰ বাবে ৰাজ কৰ্মচাৰীৰ দৰকাৰ। ৰাজ কৰ্মচাৰী সেই দিনৰ ইংৰাজ আমলৰ চিপাৰী জনকেই ভাওঁনাৰ অভিনয় আকাৰত প্ৰদৰ্শন কৰােৱা হয়। চিপাহী জনে গীত গাই গাই ওলাই আহিব । পালীবােৰে চিপাহীৰ গীতবােৰ গাই যাব ।

চিপাহীৰ গীত

এসা দেখাে কম্পানী এসা বাহাদুৰ
মাৰি আইলাম আসাম মুলক ॥
আসাম বেঙ্গল মাৰিয়া কম্পানী খাজানা
হাৰে লাল লাল, হাৰে লাল লাল
হাজৰে বিজাৰে আহে পৰনা॥
- - - - - - - - - - - - -
- - - - - - - - - - - - -


চুপ্,চুপ্, চুপ্॥ (চিপাহী জনে পালিবােৰৰ গােৱা গীত বন্ধ কৰিব) চিপাহী জনে ক’ব— ৰাৱণ ৰজা আহিবৰ বাবে ৰাস্তা ঘাট যতন কৰিবলৈ গাহনীয়া ৰাইজ তৰফৰ পৰা কামকৰা ঝাৰুদাৰ দিব লাগে। গাহনীয়া ৰাইজে চিপাহী জনক ঝাৰুদাৰক মাতিব দিব । চিপাহী জনে ঝাৰুদাৰক মাতি দিয়াত ঝাৰুদাৰ দুজন ভাওৰীয়া গীত গাই গাই ওলাই আহিব। ঝাৰুদাৰ দুজনে ক’ব আৰু আমাৰ হালােৱা দাদা আছে বুলি কৈ হালােৱা দাদাক মাতিব। হালােৱা দাদাই কান্ধত নাঙললৈ ভাওৰীয়া গীত গাই গাই ওলাই আহিব। চিপাহী আৰু হালােৱা দাদাৰ মাজত অভিনয় আকাৰত কথপকথন চলিব। হালােৱা দাদা অকলে ৰাস্তা-ঘাট যতন কৰিব নােৱাৰে। গতিকে তেওঁ পাহাৰৰ ওপৰত বাস কৰা আমবেং গাৰাে নকমাক মাৰিব। গাৰাে নক্‌মাই পালী-পহৰী সতে আহি অভিনয় আকাৰত কথপকথন চলিব। কথপকথনত চিপাহীজনে হিন্দীত, হালােৱা দাদাই স্থানীয় ভাষাত আৰু গাৰৰ নক্‌মাই গাৰাে ভাষাত মাত মাতিব। শেষত ৰাস্তা ঘাট ভাল কৰাৰ সন্মতি দি কাম আৰম্ভ

দেউৰীপাৰা ভাৰি গান-( ৮ )