পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

গীতি-নৃত্য

ভাই ভাই প্রেম দান কৰে মহা সুখে।
অ - - - জয় জয় আনন্দ হইল্য গকুলেৰ ব্ৰেজে॥

 সভাসদ ৰাইজে দেৱ-দেৱীৰ নাম স্মৰণ কৰি মঙ্গল ধ্বনি (হৰ ধ্বনি) দি দুধি মথন গীতি–নৃত্য নাটখনি ইমাতে সামৰিব।


 ৰাতিৰ ভাগত প্রদর্শন কৰা “সীতাপুৰী” নাটখন ৰাতিৰ আহাৰ (ভাত) খােৱাৰ পিছত ৮/৯ বজাৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা বেলি পােহৰ নেদেখালৈকে নাটখন প্রদর্শন কৰি থাকিব লাগে। ইয়াৰ কাৰণ এয়ে যে- সীতা দেৱীক অগ্নী পৰীক্ষা কৰাৰ সময়ত সূৰ্য্য দেৱতা তাৰ সন্মুখত আহি ৰাম চন্দ্রক সাক্ষ্য প্রমাণ দাঙি ধৰিব লাগিব। সীতা দেৱীৰ অগ্নী পৰীক্ষাত সেইবাবে পৃথিৱীত বেলিৰ পােহৰ দেখা দিব লাগে। সীতাক ৰাম চন্দ্রই অগ্নী পৰীক্ষা কৰিলেই “সীতাপুৰী”ৰ নাট যৱনিকা পৰে ।

 যি দেৱ-দেৱীৰ মন্দিৰত নাটখন প্রদর্শন কৰােৱা হয় সেই দেৱ-দেৱীৰ নাম স্মৰণ কৰি জয়ৰ মঙ্গল ধ্বনি দি নাটৰ জুৰণ বাজি (আৰম্ভণি বাজি) দিয়া হয়। এই জুৰণ বাজিৰ লগত সংগতি ৰাখি এজনে হাতত মহতাৰ জুই লৈ নাচি নাচি মঞ্চ প্রদক্ষিণ কৰি মঞ্চ মুকুলি কৰিব। তেওঁক খউ জাৰা বুলি কয়। (ইয়াৰ বিকল্প কিবা ভাল নাম আছে নেকি নেজানো) তাৰ পিছত বন্দনাৰ গীত। বন্দনা গীত পিছত নাটৰ ঘটনা সমূহৰ গীতি-নৃত্যৰ মাধ্যমৰে আগবাঢ়ি যােৱা হয়।

দেউৰীপাৰা ভাৰি গান-( ৭ )