পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সীতাপুৰী” এই দুখন নাটৰ মূল (ওজা) হ'ব লগীয়া হ'ল। সেই কালচোৱাতে ছোটমাটিয়া নোৱাপাৰা গাঁৱৰ ৺ গৌৰমোহন ৰাভা আৰু পুৰণি হাতীমূৰা গাঁৱৰ ৺পচা ৰাভাক অস্তাদ ধৰি “মেঘনাদ বধ” নাটখনি শিকে আৰু প্ৰদৰ্শন কৰে। মেঘনাদ বধ ৰাতিৰ ভাগত প্ৰদৰ্শন কৰা হয়। এই নাটকৰ মূল (ওজা) ৺বীৰেশ্বৰ ৰাভা। সময়ৰ গতিত সকলো একেই নাথাকে।“মেঘনাদ বধ”ত হুনুমানৰ অভিনয় কৰোওঁতা শ্ৰীটুপেন জুৰো S.S.B. নিযুক্তি পাই চাকৰিত যোগদান কৰিবলগীয়া হোৱাত আৰু বাইন দুজন বুঢ়া হৈ অহাত তেনেই দ’লটি নিষ্কীয় হৈ পৰে।

 অৱশেষত যোৱা ইং ৩১/৫/১৯৮৮ তাৰিখত পুনৰ সজীৱতা ধাৰণ কৰি তৃতীয় সংগঠন ৰূপত দেউৰীপাৰা ভাৰি গান দ’ল সজীৱতা লাভ কৰে। ইয়াত অস্তাদ হিচাবে পৰিচালনা কৰে শ্ৰীমিহিৰথ ৰাভা।

“দুধি মথন” নাটত মূল(ওজা) শ্ৰীদেবেশ্বৰ ৰাভা। অৱশেষত শ্ৰীদহন ৰাভা আৰু ৰাতি ভাগত “সীতাপুৰী” নাটত মূল (ওজা) শ্ৰীদহন ৰাভা আৰু শ্ৰীদিলীপ কুমাৰ ৰাভা। সম্প্ৰতি এই ৰূপতে চলি আছে দেউৰী পাৰা ভাৰি গানৰ দ’ল।

দেউৰী পাৰা ভাৰি গান- ( ৩ )