পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দেউৰীপাৰা

 দেউৰীপাৰা, অসমৰ গোৱালপাৰা জিলাৰ দুধনৈ ৰাজহ চক্ৰ বান্দৰ্শী মৌজাৰ অন্তৰ্গত এখন সৰু গাঁও। পূৰ্বতে গাঁৱখনত একেখন চুবুৰীয়ে আছিল। সময়ৰ সোঁতত সম্প্ৰতি তিনিখন চুবুৰীৰে গঠিত এখন গাঁও হৈ পৰিল। সেই চুবুৰীবোৰ হ'ল— ১৷ দেউৰীপাৰা চুবুৰী, ২। উপৰ দেউৰীপাৰা চুবুৰী আৰু ৩। লুতুমা পাহাৰ বা ৰাৱণ পাহাৰ চুবুৰী। গাঁৱখনৰ উত্তৰে— দালোৱা বাৰী আৰু বৰপাথাৰ গাঁও, দক্ষিণে— মেঘালয়ৰ গাৰোপাহাৰ জিলা, পূৱে—বান্দিৰ্শী আৰু থবলপাৰা গাঁও আৰু পশ্চিমে— চেঁচাপানী গাঁও। গাঁৱখন বান্দৰ্শী দ্বিতীয় খণ্ড আৰু প্ৰথম খণ্ডৰ সীমাত অৱস্থিত। আদিৰে পৰা গাঁৱখনত ৰাভা, কছাৰী সম্প্ৰদায়ৰ হিন্দু ধৰ্মৱলম্বী লোকৰ বাস ভূমি। যোৱা ইং ১৯৭০ চনৰ পৰা খ্ৰীষ্টীয়ান ধৰ্ম গ্ৰহণ কৰাত সম্প্ৰতি ১৮ টা ৰাভা পৰিয়াল আৰু ৯ টা কছাৰী পৰিয়াল খ্ৰীষ্টীয়ান হৈ পৰিল। হিন্দু ধৰ্মৱলম্বীৰ ভিতৰত শাক্তিয় সনাতন ধৰ্মৰ পৰিয়ালৰ সংখ্যাই সৰহ। বৈষ্ণৱী হিন্দু আছে যদিও কেৱল দুটা পৰিয়ালহে দেখিবলৈ পোৱা গ'ল। সৎসঙ্গী ধৰ্মৱলম্বী এটা পৰিয়ালহে দৃষ্টিগোচৰ হোৱা দেখা যায়।

১৷ নিম্ন দেউৰীপাৰা চুবুৰীঃ

 “শ্ৰীশ্ৰী ভগৱতী আই” মন্দিৰৰ উত্তৰে নিচেই কাষতে থকা চুবুৰীখনেই দেউৰীপাৰা গাঁৱৰ আদি চুবুৰী। “শ্ৰীশ্ৰী ভগৱতী আই”ৰ দেউৰীজন (পূজাৰী) এই চুবুৰীখনত আছিল বাবে দেউৰীপাৰা নাম অভিহিত হ’ল। এই চুবুৰীখন, এই অঞ্চলৰ ভিতৰত ধনীৰ শ্ৰেণীত দুই নম্বৰ। এই অঞ্চলৰ ধনীৰ শ্ৰেণীত এক নম্বৰ গাঁও আছিল—

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/১