পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আইৰ দেউৰী (পূজাৰী) জনে বুঢ়া হৈ অহাত সেই ওখ টিঙত যাবৰ বাবে কষ্ট হেতু প্ৰাৰ্থনাৰে নমাই আনি বৰ্ত্তমান শ্ৰীশ্ৰী ভগবতী আইৰ মন্দিৰৰ পাহাৰৰ টিঙত স্থাপন কৰোৱায়। এই মহাদেৱৰ শিলটো পাহাৰৰ মাটিৰ সতে পানীৰ লগত বাগৰি অহাত খালৰ সৃষ্টি হ’ল। সেইটোৱেই হ'ল আইথান ঝৰা। যিটো মন্দিৰ পশ্চিমে এটি ঝৰণা > জৰণা আছে। মহাদেব পাহাৰৰ টিঙত য’ত আগতে মহাদেৱৰ থান আছিল; তাত গজা বেলগছ আৰু তুলসী গছ আজিও দেখিবলৈ পোৱা যায়। এইটো ভাৱিব লগীয়া কথা যে, এই বেলগছ আৰু তুলসী গছ কেতিয়া গজিছে পূৰ্ব্বৰ লোক সকলে ক'ব নোৱাৰে। কেবল কথাটো কবহে পাৰে। যোৱা ১৯৯০-৯২ চনত বেল গছত এজন ডেকা ল'ৰা বিহুৱানৰে গলত বান্ধি আত্মহত্যা কৰাত আত্মহত্যা কৰা ডালটো গুৰিতে কাটি দিয়া হ'ল। তাৰ অন্য ডালবোৰ এতিয়াও দেখিবলৈ পোৱা যায়।

 এই মহাদেৱ পাহাৰৰ এটি মন কৰিবলগীয়া দিশ হ’ল—“বিপদৰ জাননী”। এই পাহাৰত যেতিয়া জংচিত চৰাই কান্দে, তেতিয়া অঞ্চলত কাৰবাৰ মৃত্যুৰ খবৰ পোৱা যায়। অৱশ্যে আজিকালি এনে চৰাই নোহোৱা হোৱাত এই চৰাই কন্দাটো শুনা নাযায়।

 এই মহাদেৱ পাহাৰত আগতে ডাঙৰ ডাঙৰ গছ-গছনি আৰু বাহঁ আদিৰে ভৰপুৰ আছিল। ভাবিছিলোঁ- গছ-গছনি ডাঠ হাবিৰ বাবে পাহাৰৰ শব্দ হয়। কিন্তু এই চিন্তা ভুল। এই পাহাৰত যেতিয়া চেগুণ গছৰ বাগান কৰাৰ বাবে পাহাৰটি টোকলা কৰিলে আৰু ৰবৰ খেতিৰ বাবে পাহাৰটি পুনৰ টকলা কৰিলে। তথাপিওতো বতাহ বিহীন অৱস্থাত পাহাৰৰ হো-হোৱনি শব্দ হয়। এনেদৰে দীঘলীয়া শব্দ হৈ থাকিলে অঞ্চলটোত অমঙ্গলৰ খবৰ পোৱা যায়।

উপৰ দেউৰীপাৰাৰ দুটি নিজৰাঃ

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/৮