পৃষ্ঠা:দীপ্তি.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুৰু।

“অখণ্ড-মণ্ডলাকাৰং ব্যাপ্তং যেন চৰাচৰম্।
তৎপদং দৰ্শিতং যেন তস্মৈ শ্ৰীগুৰবে নমঃ॥”
গুৰু নামে তুমি শৰণ লগাই
 কৰিছা নিতকে নতুত শিষ্য;
দেখিছা নে তুমি চৰাচৰ-ব্যাপী
 প্ৰভুৰ ৰূপৰ মোহন দৃশ্য?
দেখিছা নে তুমি সেই বিশ্বৰূপ,
 অৰ্জ্জুনে এদিন দেখিলে যাক?
পাৰা নে শিষ্যৰ সন্দেহ গুচাব?
 পাৰা নে ছিঙ্গিব মোহৰ পাক?
দেখিছা নে তুমি সকলো ভূততে
 পৰম ব্ৰহ্ম বিৰাজমান?
পাৰিছা নে হ’ব সবাৰে সেৱক?
 গৈছা নে ভুলি মানাপমান?
ভোগৰ বাসনা; ধনৰ কামনা,
 পাৰিছা নে বাৰু কৰিব লয়?
পাৰিছা নে ল'ব পতিতক তুলি?
 কৰিছা নে তুমি ইন্দ্ৰিয় জয়?
পঞ্চ জনকৰ এজন স্বৰূপে
 ভাবা নে শিষ্যক তনয় বুলি?