পৃষ্ঠা:দীপ্তি.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
দীপ্তি ।

সেই সাগৰৰে বাষ্প-কণা উঠি
 আকাশ বিবিধ মেঘেৰে ভৰে;
তাকে লক্ষ্য কৰি জন্ম-জন্মান্তৰ
 প্ৰত্যেক কণাটি উভতি লৰে।
আদি সেই এক, অন্ত সেই এক,
 একেই লক্ষ্য, একেই মূল;
তেও কিয় বাৰু দুয়োৰে মাজত
 দেখোঁ অনৈক্যৰ বিষম ভুল?
একেই অনেক, বহু হৈও এক,
 কোটি বিশ্ব জুৰি একেই প্ৰাণ;
একৰ উদ্দেশ্যে মন্দিৰে বাহিৰে
 কৰিছে কতনা সাধনা-ধ্যান।
মিছা তেন্তে কিয় হোৱা উচ্চ-নীচ?
 বোলা কিয় হীন, কিয়বা মানী?
কিয় নদ-নদী, জান-জুৰি-বিল,
 লোৱা নানা নাম?—সকলো পানী।
মহাবল ৰজা, হীনবল প্ৰজা,
 উত্তম-অধম, পণ্ডিত-দীন;
হোক নানা নাম, একেই আছিলা,
 হব’ই লাগিব একতে লীন।
কিয় তেনে হ’লে ঘিণোৱা আনক?
 মিছা অহমিকা পাহৰি যোৱাঁ।