( ৮১ )
মহ লোকে থৈলন্ত অপৰ দেবগণ।
জন লোকে মহামুনি কৰি নিবন্ধন॥ ৮৪২
তপলোকে থান দিলা সিদ্ধ সমস্তক।
সত্যলোকে দিলা আমি তিনিয়ো দেৱক॥ ৮৪৩
তপলোকে হন্তে বাইশ হাজাৰ অন্তৰ।
পৰম শোভন সিটো ব্ৰহ্মাৰ নগৰ॥ ৮৪৪
ব্ৰহ্মলোক হন্তে দুই অযুক্ত প্ৰমাণ।
সেহিতো কৈলাশ দেৱী মৰাৰ থান॥ ৮৪৫
তাহাৰ উৰ্দ্ধত দুই লক্ষৰ উপৰ।
ৰহস্য কৰি বিৰ নগৰ। ৮৪৬
২. ম থান শেখ জোখা নাহিক।
=াহাৰেসে নাম জানা শান্তানু বৈকুণ্ঠ॥ ৮৪৭
পঞ্চবিধ মুক্তি আছে সেহি বৈকুণ্ঠত।
পৰম যতনে দেৱী নিৰ্ম্মিল পূৰ্ব্বত। ৮৪৮
যদি খসি পৰে কৌটি কোটি ব্ৰহ্মাগণ।
বৈকুণ্ঠ বাসীব জানা নাহিকে পতন॥ ৮৪৯
সাতে আবৰণৰ কাখৰ মনোহব।
নাহিকে পতন জানা সিটো বৈকুণ্ঠৰ। ৮৫০
জ্ঞান কৰ্ম ভক্তি যিটো প্ৰপন্ন হোৱয়।
তেবেসে জানিবা সিটো থানক পাৱয় ৮৫১
যত দৈত্য দানৱ ভূমীৰ মহাভাৰ।
অৱতাৰ ধৰি হৰি তাৰ চিন্তামাৰ॥ ৮৫২
সেহি থান পায়ে ধৰি চতুভূজ তনু।
হৰিক চিন্তিয়া সুখ লভে পু পুনু। ৮৫৩