আজি ধৰি হৰি গুৰু তাহাঙ্ক জানিবা।
সৰ্ব্ব কৰ্ত্তা ভাব মনে বুঝিয়া ধৰিবা॥ ৭০৬
মঞি হৰি দাস ভৈলো তুমি হৰি দাসী।
থাকিবোহো দুয়ো জনে হৰিক উপাসি॥ ৭০৭
এতেক কহিয়া হৰে প্ৰেমত মজিলা।
কৃষ্ণ কৃষ্ণ মহা হৰি বুলি উচ্ছাৰিলা॥ ৭০৮
স্বামীৰ ভাবক দেখি পাৰ্ব্বতী গোসানী।
দুই নয়নৰ নিৰ বহে নাসে বাণী॥ ৭০৯
শুনা বুদ্ধ জন হৰ গৌৰী সম্বাদত।
মহামায়া গৌৰী ভৈলা হৰিত ভকত॥ ৭১০
শূদ্ৰ কলা কহি বসুমতী কলা কৈলা।
বলি কলা কহি যুদ্ধ কলাক কহিলা॥ ৭১১
ঈশ্বৰ নিৰ্ণয় পুছি শৰণ প্ৰাৰ্থিলা।
শৰণ কলাক পাছে দেৱীত চৰ্চ্ছিলা॥ ৭১২
অনন্ত গহণ শাস্ত্ৰ গৌৰীৰ সম্বাদ।
নিশেষে ইহাক কোনে কহিবে আহ্লাদ॥ ৭১৩
সত্তৰি অধিক ষাঠি হাজাৰ শ্লোকৰ।
বিৰচিলো পদ আমি কলি কালান্তৰ॥ ৭১৪
আমি অল্প মতি শাস্ত্ৰ অগাধ সাগৰ।
শুনিবা মাত্ৰকে হত বুদ্ধি পণ্ডিতৰ॥ ৭১৫
তথাপিতো গুৰু মুখে আমি যি শুনিলো।
গুৰুৰ চৰণ চিন্তি ইহাক লেখিলো॥ ৭১৬
বঢ়াটুটা দোষ আত ক্ষমাসে জুয়াই।
কৰিবাহা নিন্দা যেবে ইটো কথা নাই॥ ৭১৭
পৃষ্ঠা:দীপিকা ছন্দ.djvu/৭৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬৮ )