পৃষ্ঠা:দীপিকা ছন্দ.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৬৬ )


একান্ত শৰণ যিটো মহন্ত সঙ্গত।
পিয়ো ৰাম নাম ৰস হুয়া এক মত॥ ৬৮২
তাঙ্ক কি কৰিতে পাৰে কলি দুৰাচাৰে।
যেন মূঢ়ে মুঠি হানে পাথৰ উপৰে॥ ৬৮৩
হৰি ভকতক যত দুৰ্জনে পীড়য়।
আতি অল্প কালে সিটো আপুনি নাশয়॥ ৬৮৪
তুমিও পাৰ্ব্বতী লোৱা কৃষ্ণত শৰণ।
হৈবাহা অমৰ তুমি গুছিবে মৰণ॥ ৬৮৫
তুমি আমি দুয়ো কৰো কৃষ্ণত ভকতি।
তেবে আমাসাক কোনে পাৰে পৰিধিতি॥ ৬৮
পাৰ্ব্বতী বদতি প্ৰভূ জগত ঈশান।
তুমি কাক ভজা কোন ঈশ্বৰ প্ৰধান॥ ৬৮৭
কেই জন ঈশ্বৰ কাহাৰ কিবা নাম।
কোন কৈতে থাকে কোনে কৰে কিবা কাম॥ ৬৮৮
আমি জানো তুমি বিনে নাহিকে অপৰ।
জগতৰ হৰ্ত্তা কৰ্ত্তা তুমি মহেশ্বৰ॥ ৬৮৯
তুমি বোলা আচন্ত ঈশ্বৰ মহা হৰি।
কোন থানে থাকন্ত কোনবা ৰূপ ধৰি॥ ৬৯০
ভালমতে মোক প্ৰভূ দিয়োক চিনাই।
তোমাত শৰণ মোক দিয়োক দঢ়াই॥ ৬৯১
শঙ্কৰ বদতি শুনা ভবানি বচন।
শুনিয়োক কহো মঞি কথাৰ কাৰণ॥ ৬৯২
জগত অন্তক মঞি কাল ৰুদ্ৰ হৰ।
সকল কালৰ মঞি দাস মাধবৰ॥ ৬৯৩