( ৪৬ )
নাই গতি হৈবে লোক বৰ্ণত শঙ্কৰ।
পাষণ্ড আচাৰে কৰিবেক একাকাৰ॥ ৪৫৯
ভৰি তালি মাৰি ৰঙ্গে কৰিবে কীৰ্ত্তন।
তাতে মদ গৰ্ব্বে কতো বুলিবে বচন॥ ৪৬০
নহৈবেক প্ৰেম ডাকিবেক উচ্ছ কৰি।
কতো তাতে লোক দেখাই ফুৰিবে বাগৰি॥ ৪৬১
ফুকিবেক শঙ্খ শিঙ্গা কৰিবে আৰাৱ।
ৰণ মাতোয়াল যেন হৈবেক স্বভাৱ॥ ৪৬২
এহি ভাবে মন্দমতি হৈবেক লোকত।
নহৈব নহৈব গতি কলিৰ কালত॥ ৪৬৩
পাৰ্ব্বতী বদতি প্ৰভু দেৱ ত্ৰিলোচন।
কোন দোষে হেন মত হৈবে বিপ্ৰগণ॥ ৪৬৪
আদ্য কিবা মধ্যে আৰ কহিয়ো যুগুতি।
ব্ৰাহ্মণৰ হৈবে হেন অধৰ্ম্মত মতি॥ ৪৬৫
বদতি শঙ্কৰে তাৰ শুনিয়ো নিৰ্ণয়।
তোমাৰ আগত তাক কহিবো নিশ্চয়॥ ৪৬৬
কত গুটি গৈল যেবে কলিৰ দিবস।
নুহি আদ্য নুহি শেষ অল্প মান বস॥ ৪৬৭
মনুষ্যৰ মানে যুগ হাজাৰেক যায়।
তেবে বিৰিঞ্চিৰ মানে প্ৰহৰ বোলয়। ৪৬৮
সত্যত কৰিয়া ত্ৰেতা যুগ ন্যূন হয়।
তিনিটো কৰিয়া নূন্য কলি দুৰাশয়॥ ৪৬৯
যেবে কলি দুষ্টে সব ৰাজ্য পৰ্য্যটিব।
এতেকে লোকত মহা অনৰ্থ মিলিব॥ ৪৭০