( ১৮ )
প্ৰথমতে ব্ৰহ্মাৰ ঐশ্বৰ্য্য অতিক্ৰম।
আপুনি ব্ৰাহ্মণ তেহে মহন্ত উত্তম॥ ১৬২
আৰু যত মহাজন তিনিও কালত।
সবাহাৰে ঐশ্বৰ্য্য বিভূতি আছে যত॥ ১৬৩
তাসম্বক বাধিবে নাপাৰে শ্ৰীমদে।
ঈশ্বৰে দিয়াছে তাঙ্ক পৰম সম্পদে॥ ১৬৪
আৰু শুনা মহন্তৰ আচাৰ প্ৰমাণ।
দৈত্য কুলে জাত মহা মহন্ত প্ৰধান॥ ১৬৫
বলি প্ৰহ্লাদৰ সম ভক্তিত নিপুণ।
ইতিনি লোকত নাই তাহান সমান॥ ১৬৬
হেনয় মহন্ত যদি চণ্ডাল হোৱয়।
ব্ৰাহ্মণে মানোক গুৰু কহিলো নিশ্চয়॥ ১৬৭
সত্যে সত্যে সত্যে মই কহিলো তোমাত।
মহন্তক নিন্দা বাদে হোৱে অধঃপাত॥ ১৬৮
এহি কহি মৌন ভৈলা দেৱ ত্ৰিলোচন।
পুনৰুপি ভাগবতী বুলিলা বচন॥ ১৬৯
কহিলাহা চৰিত্ৰ বৈষ্ণৱৰ মনোহৰ।
শ্ৰৱণ কীৰ্ত্তন মাত্ৰ ধৰ্ম্ম শ্ৰেষ্ঠতৰ॥ ১৭০
তোমাৰ প্ৰসাদে প্ৰভু জানিলোহো আক।
আবে ৰাজা সমূহৰ কহিয়ো কথাক॥ ১৭১
কতো মান নগৰ প্ৰদেশ ধৰণীত।
কোন ৰাজাগণ ভৈলা ঈশ্বৰ সজিত॥ ১৭২
তযু অংশে যত বাজা হুয়া আছে জাত।
ব্ৰহ্মায়ে স্ৰজিলা কোন নৃপতি সাক্ষাত॥ ১৭৩