( ১৬ )
বেদ শাস্ত্ৰ মৰ্য্যদাক কিছু নলঙ্ঘিব।
শ্ৰৱণ কীৰ্ত্তন ভক্তি ইহাক জানিব॥ ১৩৮
তিনি বিধ লীলা সুমৰিব মাধৱৰ।
প্ৰাণী সকলক নেদেখিব আত্মপৰ॥ ১৩৯
যিবা আছে যিবা নাই যি পাৱে ভুঞ্জিব।
মনে মাধৱৰ পাৱে সমস্তে অৰ্পিব॥ ১৪০
পুত্ৰ পত্নী আছে মানে ঐশ্বৰ্য্য সকল।
কৃষ্ণ চৰণত মনে অৰ্পিব কেৱল॥ ১৪১
হৰি গুণ নাম সদা মুখত নেৰিব।
ঘনে ঘনে মাধৱক হৃদয়ে দেখিব॥ ১৪২
মোহ মায়া ৰাগ মদ মল কাক যত।
দম্ভ দেষ ঈৰিষাক তিতিক্ষা সমস্ত॥ ১৪৩
এহি সব নুহিবেক মনৰ গোচৰ।
সবাহাঙ্কে দেখিবেক নাৰায়ণ পৰ॥ ১৪৪
সুখ দুঃখ লাভ অলাভক জয়াজয়।
হৰি বিনে নাহি একো জানিবা নিশ্চয়॥ ১৪৫
বহু বিধ ধৰ্ম্ম বিহি আছে বেদচয়।
লোভাৱিষ্ট হুয়া লোকে তাহাতে পৰয়॥ ১৪৬
নিশ্চয় বেদৰ অৰ্থ হৰি ভক্তি সাৰ।
ঋষি সবে নানা ফল লোভ দিয়া তাৰ॥ ১৪৭
অজ্ঞানী প্ৰাণীক সবে কৰিয়া উন্মত্ত।
তাহাতে পৰিয়া কৰে তাহাতেসে ৰত॥ ১৪৮
এহি হেতু সংসাৰত জনম মৰণ।
ইহাক জানিব যিটো হোৱে মহাজন॥ ১৪৯