পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১০)

তীৰ্থ পৰ্য্যতন কৰি ফুৰোতে গঙ্গাৰ পাৰত এওঁৰো ভব লীলা শেষ হয়। সুশীলা দেৱী একেয়ে স্বামী আৰু বোৱাৰীয়েকৰ শোকত অস্থিৰ হৈ আছিল। তাতে আকৌ পুতেকৰ মৃত্যু খবৰ পালত দিনক দিনে তেওঁৰ শৰীৰ পৰি আহিবলৈ ধৰিলে।

 ৰত্নেশ্বৰৰ স্ত্ৰী দুজনী আছিল। সৰ্ব্বেশ্বৰৰ মৃত্যু অলপ কেইদিন মানৰ পাছতে ৰত্নেশ্বৰৰ দ্বিতীয় পত্নীয়েও মকুন্দ নামে এটি লৰা এৰি সিফলীয়া হয়। ইয়াৰ কিছুদিন পিচতে ৰত্নেশ্বৰেও প্ৰথম ভাৰ্য্যা আৰু কৃষ্ণা নন্দ আৰু মকুন্দ নামে দুটি পুত্ৰ থৈ কালৰ গ্ৰাসত পৰি সিপুৰিলৈ গতি কৰিলে। সুশীলা দেবীৰ শৰীৰ এনেয়ে পৰো পৰো হৈ আছিল, তাতে আকৌ দ্বিতীয় পুত্ৰ ও বধুৰ শোক পাই এদিনাখন পুত্ৰবধুক কন্দুৱাই ভবসাগৰৰ পাল সাঙ্গকৰি মানব লীলা সামৰিলে।

—————

গুৰুৰ কৰ্ম্ম জীবন।

 সুশীলা দেবী ধুকালত গুৰুৰ মূৰত সংসাৰৰ যাবতীয় ভাৰ পৰিল৷ গুৰুই সাংসাৰিক লেঠা ভাবি