পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখি পদ্মকুমাৰীয়ে জলদ গম্ভীৰ স্বৰে কলে —“বঙাল! বিশ্বাসঘাতক! তই মোক নুছুবি। মোক ছুলেই তই এই খিনিতেই সবংশে নিধন হবি। পহ্মকুমাৰীৰ এই বাক্যত কুমেদান হঠাতে থামিল। এনেতে সিফালৰ পৰা মহীৰামে মুকলি তৰোৱালে সৈতে আহি কুমেদানৰ আগত পদুমীক পিচত ৰাখি থিয় হৈ ক’লে:—“কি বঙাল! নিমখ হাৰাম! তোৰ এক কালৰ প্ৰভুক যে টকাৰ লোভত ধৰাই দিলিয়েই, এতিয়া সেই প্ৰভু কন্যাকো তই ধৰিব যাৱ। খোল তোৰ তৰোৱাল পাষণ্ড! দে মোৰে সৈতে যুজ। এই বুলি কৈয়েই মহীৰামে তৰোৱাল তুলিলে। কুমেদানেও আত্ম- ৰক্ষাৰ্থে তৎক্ষণাৎ ফাকৰ পৰা তৰোৱাল খুলিলে। কুমেদানে কোনো কথা কবলৈ বা জবাব দিবলৈ নৌ পাওঁতেই মহীৰামে অস্ত্ৰ চলালে: শিক্ষিত কুমেদান সিঙে সেই ঘাত নিজৰ তৰোৱাল পাতি আগুৰিলে। উভয়ৰে তৰোৱালে তৰোৱালে যুঁজ হল। পদ্মকুমাৰীয়েও খন্তেক পৰ শৱটো এৰি গড়াৰ কাষলৈ পিছুৱাই পিছুৱাই গৈ সেই যুঁজ চাব ধৰিলে। ৰাইজেও আৰু বৰফুকনেও তধা লাগি চাই ৰল। কুমেদানো শিখ বীৰ— অস্ত্ৰ চলোৱাত, বিশেষ, তৰোৱালৰ যুদ্ধত অতি নিপুন। মহীৰাম যদিও কোমল বয়সীয়া কামৰূপীয়া কলিতাৰ লৰা, তথাপি তেওঁৰো অস্ত্ৰ শিক্ষা কম নাছিল। কুমেদান ধীৰ আৰু অটল, কিন্তু মহীৰাম দুখে শোকে এক প্ৰকাৰ উন্মত্ত আছিল। অলপ বেলিৰ মূৰতে