পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 হৰদত্ত। —বাৰু মই ভাবিচিন্তি চাওঁ। মহীৰামো উলটি আহক।


অষ্টবিংশ অধ্যায়।
১৭৯২ শক

 এই শকটোক অসম বুৰঞ্জীৰ এটা যুগ পৰিবৰ্ত্তনৰ সময় বুলিব পাৰি। এই শকৰ কাতি মাহতে ৰংপুৰৰ পৰা এশ চিপাহী লই কাপ্তান ওৱেল্‌ছ ছাহাব গুৱাহাটী পাই গৌৰীনাথ সিংহৰ লগ লাগিল। কাপ্তান ওৱেল্‌ছৰ লগত মুঠেই এশ বন্দুকধাৰী ৰঙ্গা পোছাক পিন্ধা চিপাহি দেখি গৌৰীনাথ সিংহ ৰজাই হতাশ হৈ কাপ্তান চাহাবক জনালে যে এই এশ চিপাহিৰে লাখ লাখ মোৱামৰীয়াক দৰঙ্গি আৰু কামৰূপীয়া হাজাৰ হাজাৰ সৈন্যক নো কেনেকৈ জিকিব। ৰজাৰ কথাত কাপ্তান ছাহাবে হাঁহি কলে :- “ৰজা! যেতিয়া যুঁজ লাগিব তেতিয়াহে দেখিবা। সদ্যহতে মোক তোমাৰ দৰঙ্গলৈ লই বলা। তাত মই কৃষ্ণ নাৰায়ণক দমন কৰি উজনীলৈ সেই পিনে যাম। কাপ্তান চাহাবৰ এই কথাত গৌৰীনাথ সিংহে নিজে চাহাব আৰু চিপাহিক ডাঙ্গৰ ডাঙ্গৰ নাৱেৰে লৈ গল। চাহাবে ৰঙ্গামাটিৰ ঘাটৰ ওচৰত কোঠ মাৰি কৃষ্ণ নাৰায়ণ ৰজালৈ আত্মসমৰ্পণ কৰিবলৈ আদেশ দি চিঠি লেখি পাঠালে। কৃষ্ণনাৰায়ণে ইয়াৰ উত্তৰ স্বৰূপে তিনি হেজাৰ কাড় ধেনু