পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

-ৰূপীয়াক মানুহৰ ভিতৰতে গণ্য নকৰা। চিৰকালেই আমাক ঢেকিৰি ঢেকেৰি বুলি অপমান কৰি আহিছা। আমাক এনেকুৱা অবিশ্বাস কৰা যে ৰাতি হলে আমাক গুৱাহাটী চহৰৰ ভিতৰত থাকিব নিদিয়া আৰু তেউজ বেলি তোমাৰ উন্মত্ত পুতেৰহঁতে উন্মত্ত হাতীৰ হতুৱাই কি পৈশাচিকৰূপে আমাৰ কামৰূপীয়া লৰা ছোৱালী কেঁইটা বধিলে আৰু আন আন অনেককে আহত কৰিলে সেই কথালৈ মনত পৰিলে আমাৰ কামৰূপীয়াৰ ধৈৰ্য্য ধৰিবৰে ঠাই নাই। আমি শিশু সন্তান কেইটিৰ হত্যাৰ বিচাৰ মাগিছিলোঁ। তুমি কেনেখন বিচাৰ কৰিলা মনত কৰাচোন। এই নিৰপৰাধী কামৰূপীয়া শিশু সন্তান কেইটিৰ আত্মাই আমাক তোমাৰ বিৰুদ্ধে অস্ত্ৰ ধৰি এই হত্যাৰ শোধ লবলৈ উদ্‌গাব লাগিছে। এই পাপৰ ফলতে গল বেলি যুঁজত হাৰিলা। যুঁজত হাৰিও তোমাৰ অহঙ্কাৰ নগল যেন দেখিছোঁ। তাৰ প্ৰমাণ তোমাৰ এই অপমান- মূলক পত্ৰই। বাৰু। যদি আমি কামৰূপীয়াই যুঁজৰ পৰা ক্ষান্ত হব লাগে তেন্তে জয় জয়তে তোমাৰ পুত্ৰ দুটিক অন্ততঃ এবছৰলৈ বন্দী শালত ৰাখা কামৰূপীয়াক আগ- লৈকো কোনো অত্যাচাৰ নকৰোঁ বুলি তোমাৰ দেওত অথবা তুমি যদি প্ৰকৃত শাক্ত হোৱা তেন্তে তোমাৰ ইষ্টা দেবীৰ ওচৰত আমাক আগত ৰাখি শপথ কাঢ়া। ইয়াকে যদি নকৰা তেন্তে আমি দেশৰ অৰ্থে, আত্ম সন্মানৰ অৰ্থে