পৃষ্ঠা:দধি মথন নাট.pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শ্ৰী শ্ৰীকৃষ্ণায় নমঃ

পাতনি

 দুজনা মহাপুৰুষে প্ৰেম ভক্তিমূলক শুদ্ধ সাত্বত ধৰ্ম্ম প্ৰচাৰ কৰি কলিৰ লোকৰ তৰণৰ উপায় কৰি যায়। তেখেত সকলৰ পৰম আকাঙ্ক্ষাৰ বিষয় অ্যাছিল সপ্ৰেম ৰসময়ী ভক্তি। মোক্ষপদকো হেয় বিবেচনা কৰি তেখেত সকলে মোক্ষতো, অধিক নামধৰ্ম্ম আৰু ভক্তিৰ পৰম মাহাত্ম্য কীৰ্ত্তণ কৰি গৈছে। কলিৰ অজ্ঞলোক সকল প্ৰতি কৃপাপৰবশ হৈ এই ৰসময়ী ভক্তিৰ প্ৰচাৰৰ অৰ্থে তেখেত সকলে নানা ধৰণৰ অপূৰ্ব্ব পদ, ঘোষা, নাট, চপয়, ভটিমা, প্ৰভৃতি ৰচনা কৰি থৈ গৈছে! এই বিলাক শুনি ভণি কলিৰলোকে সংসাৰ হাট অনায়াসে নিবৰ্ত্তণ কৰিব পাৰে।

 মহাপুৰুষ সকলৰ ভক্তিমূলক নাম ধৰ্ম্ম প্ৰচাৰৰ উপায় আছিল প্ৰধানতঃ তিনিটাঃ—

(১) শ্ৰীমদ্ভাগবতাদি শাস্ত্ৰৰ ব্যাখ্যা কীৰ্ত্তন আৰু পদ ৰচনা (২) নামকীৰ্ত্তন আৰু (৩) নাটকাভিনয়। অভিনয়ৰ নিমিত্তে যি বিলাক নাটক ৰচিত হৈছিল সেই বিলাকৰ বিষয়-বস্তু আছিল শ্ৰীকৃষ্ণ লীলা। ভগবদ্ভক্ত সকল লীলাবাদী। নিত্যৰ প্ৰকাট্যৰ নাম লীলা। ভগবন্ত নিত্য বস্তু। তেওলোকক কৃপা কৰি লীলা ৰূপে প্ৰকট হয়। সাধাৰণ লোকে দেখে যে তেওঁ লৌকিক আচৰণ বিলাক কৰিছে। কিন্তু তেওঁৰ পৰম ভাব যিটো সেইটো তেওঁবিলাকে মূঢ়তাৰ বশতে দেখা নাপায়। কিন্তু ভগবদ্ভক্ত সকলে ভগৱন্তৰ লীলাময় লৌকিক আচৰণৰ ভিতৰত সেই পৰম ভাবটো ধৰিব