এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬১
দদাইৰ পজা

সাহায্য কৰিবই লাগিব। তোমাৰ কোনো এক্তিয়াৰ নাই, আমাৰো কোনো এক্তিয়াৰ নাই।” এই বুলি কৈ ঘৈণীয়েকক মাত লগাই ক'লে, “ঘৈণী, বেগাবেগি কৰা, এওঁলোকক আমি যেন লঘোণে ইয়াৰ পৰা নপঠিয়াও।”

 ৰেচেল আৰু তেওঁৰ ল'ৰা; ছোৱালীবিলাকে সকলো বস্তু ঠিকঠাক্ কৰি মেজত সজালে। ৰেচেলে ইলাইজাৰ হাতখন ধৰি টেবিলৰ ওচৰৰৰ মাচিয়াত বহুৱালে গৈ। সকলোৱে খাবলৈ বহিছে এনেতে ৰুথ্ সোমালহি।

 তেওঁ ক'লে, ( আহা, এই কুয়েকাৰ মানুহবিলাক কেনে মৰমিয়াল ) “গৰম উলৰ মোজা কেজোৰমান এই লৰাকণলৈ বুলি আনিছোঁ। তিনি জোৰ—কেনেডাত যিমান জাৰ। লৰাটীয়ে বৰ কষ্ট পাব।” ইলাইজাৰ ওচৰলৈ গৈ হাত জোকাৰি কলে, “ইলাইজা, মনত বল ৰাখিবি। হেৰিৰ নিমিত্তে অলপ কিবাকিবি খাবলৈ আনিছোঁ। ল'ৰা- হতঁৰ যেনে ভোক্। হোঁ, আই, ল।”

 ইলাইজাই ধন্যবাদ দি কলে, “আই, আপোনাৰ মৰম কেতিয়াও নেপাহৰোঁ।”

 “ৰুথ, আঁহা, অলপ খোৱাহি ৰেচেলে ক'লে।

 “ও, মই কেনেকৈ খাম? সৰু ল'ৰাটীক জনৰ কোলাত দি আহিছোঁ আৰু কেখনমান পিঠাও বহাই আহিছোঁ। মই এখন্তকো বহিব নোৱাৰোঁ। মই বহিলে কি হব জানানে,, জনে এই বিষ্কুটবোৰ পুড়ি পেলাব আৰু বেবীয়ে কান্দিলে