এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫১
দদাইৰ পজা


গ’ল। ইলাইজাই ভয়ত কঁপিবলৈ ধৰিলে—ভাবিলে এওঁ বা কি বাতৰি আকৌ দিয়ে। তাইৰ অৱস্থা দেখি ৰুথে কলে, “ভয় নাই ইলাইজা, সুখবৰ, বৰ'ভাল খবৰ, ভিতৰলৈ যা।” এই বুলি তাইক লাহেকৈ ভিতৰলৈ লৈ গৈ দুৱাৰখন মাৰি ওলাই আহিল। আহিয়েই হেৰিক কোলাত লৈ চুমা খাই নাচিব ধৰিলে। “আজি তোমাৰ দেউতাৰা আহিব, সোণাই। জানা নে, হেৰি? তোমাৰ দেউতাৰা আহিব। ল’ৰাটিয়ে বাৰে বাবে এই কথা শুনাত অবাক্ হৈ ৰুথৰ ফালে চাই থাকিল।”

 সিপিনে আকৌ খোটালিৰ ভিতৰত কি হৈছে শুনা। ৰেচেলে ইলাইজাক নিজৰ ওচৰত মৰম কৰি বহুয়াই এই আষাৰ কথা ক’লে, “প্ৰভুয়ে তোমাক কৃপা কৰিছে, ইলাইজা। তোমাৰ গিৰীয়েৰা দাসত্ব শৃঙ্খলৰ পৰা পলাল।”

 এই কথা শুনি ইলাইজা মুচকচ্ হোৱাৰ দৰে হ’ল।

 “সোণাই, ধৈৰ্য্য ধৰ। সাহী হ।” ৰেচেলে ইলাইজাৰ মুৰত মৰমেৰে হাত দি “তেওঁ বন্ধুৰ লগত। একো ভয় নাই। আজি ৰাতি তেওঁ এই খিনি পাবহি।”

 “আজি ৰাতি, আজি ৰাতি” ইলাইজাই মুঠেই এই কথা সপোনত কোৱা কথাৰ দৰে ক'লে। আৰু কি শুনিছে, কি কৈছে ততকে নাই।

 সেই নিশা জৰ্জ হ্যাৰিস্ আহি স্বাইমন হেলিডেৰ ঘৰ পালে হি।