এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫০
দদাইৰ পজা

 ৰেচেলৰ মনৰ আনন্দ চাই কোনে? গিৰীয়েকক শুধিলে ‘সঁচাই নে?”

 “সঁচাই, পীটাৰে কালি নগৰৰ গাড়ী লৈ যাওঁতে আমাৰ নগৰৰ ওচৰৰ বজাৰ খনত দুটা মানুহ আৰু এজনী বুঢ়ীক দেখি আহিছে। তাৰে এজনে কলে যে, তাৰ নাম হাবিস্। আৰু সিয়েই যে এই ল’ৰাৰ বাপেক হ্যাৰিস্ ই নিশ্চয়।”

 স্বাইমনে শুধিলে, “তাইক এতিয়াই ক'ম নে?”

 ৰেচেলে ক'লে, “বাৰু আগৈয়ে ৰুথক কৈ চাওঁ। ৰুথ, ৰুথ, এই ফালে আহাঁ।”

 ৰুথ্ তৎক্ষণাৎ আহি পালেহি। “ৰুথ, ৰুথ, শুনিছানে? ম্যাৰিৰ বাপেকে কৈছে ইলাইজাৰ গিৰীয়েক বোলে শেহ দলৰ মানুহৰ লগত আছে। আৰু আজি এই খিনি আহি পাবহি।”

 ৰুথে আনন্দত চিয়ঁৰিব ধৰিলে। ৰেচেলে কলে, “ৰুথ, মনে মনে থাক্‌ আই। ক চোন্‌ বাৰু এই বাতৰিৰ কথা এতিয়াই তাইক কম নে?”

 “কম নে? অৱশ্যে কবি, এই মুহুত্ততে কবি। চা চোন্‌ বাৰু মোৰ জন্ যদি এনেকৈ একে অৱস্থাতে আহি ওলাল হি হেতেন, তেনেহলে মই এনে এটা বতৰা শুনি কেনে আনন্দ পালোঁ হয়, ভাবি চা চোন! এতিয়াই কবিতো।”

 ৰেচেলে ভিতৰৰ বাৰাণ্ডাৰ পৰা ৰান্ধনি ঘৰলৈ গল। তাৰে ওচৰৰ এটি শোৱা খোটালী লৈ ইলাইজাক মাতি লৈ