মিউলাটোৰ ভিতৰৰ বগা বৰণৰ, চুলি অলপ ৰঙ্গচীয়া,
কেঁকোৰাকেঁকোৰি, বৰ বুদ্ধিমান, ভালকৈ কথা কব পাৰে,
লেখিব পঢ়িব পাৰে। বগা মানুহ বুলি চিনাকীও দিব পাৰে।
পিঠিত আৰু কান্ধত বহুত দাগ আছে। সোঁও হাতত এইচ
“H” আখৰটো মছিব নোৱাৰাকৈ ছাপ মৰা আছে। যি
মানুহে সেই মানুহটোক মোক জীয়াই ধৰি আনি দিব পাৰে,
তেওঁক মই চাৰি শ ডলাৰ পুৰষ্কাৰ দিম। আৰু সঠিককৈ
তাক হত্যা কৰাৰ বাতৰি আনি দিলেও সেই একে খিনি
টকাকে বটা দিম।”
এই ভদ্ৰলোক জনে আগৰ পৰা গুৰিলৈকে সেই জাননী- খন ভালকৈ পঢ়িলে।
এনে খিনি পৰতে এটা ঘোড়াই টনা এখন বগি (Buggy) গাড়ী আশ্ৰম খনৰ আগত ৰল হি। গাড়ীখন দেখিলে ভাল মানুহৰ গাড়ী যেন দেখি। সুন্দৰকৈ কাপোৰ-কাণি পিন্ধা এজন ভাল মানুহ তাত বহি আছে, আৰু এটি ক'লা ( Coloured এই কথাৰ অৰ্থ ৰং থকা, কলা নহৈ বগাতকৈ অলপ কলা মানুৰবোৰক এই আখ্যা দিয়া হয় ) চাকৰে গাড়ীখনি চলাই আনিছে। এলেহুৱা মানুহে কোনো নতুন মানুহ আহিলে যেনেকৈ চায় সেই তেনেকৈ নতুনকৈ অহা অতিথিবোৰক সেই আশ্ৰমৰ মানুহবোৰে চাবলৈ ধৰিলে। তাতে ডাৱৰীয়া বতৰ-এনে বতৰত মানুহৰ এলাহ আৰু বাঢ়ে। মানুহটী বৰ দীঘল, সুন্দৰ কলা বৰণীয়া ভাব প্ৰকাশক চকু