পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 কুহু-স্বৰ কোকিলৰ
 ৰহস্যৰ অনিবাৰ
 মধুৰ স্বনন্?

হয়তো নহব ধৰা
 তুমি কৰা সাধনাৰ
মিলনৰ মহা মন্ত্ৰে কোনো দিনে হাঁয়
 অপূৰ্ব্ব শান্তিৰ স্বপ্নপুৰী,
নাশ হই সমুলঞ্চে নৰপশু যত
 ঘৰে ঘৰে দেৱ শিশু
 ফুৰিব যিদিনা আহি
 সদানন্দে বিচৰণ কৰি —

হয় তো অহিংসা হিংসা আৰু
 অসূয়া-প্ৰণয় সেই
 জীঘাংসা জীৱৰ যত
 সততা সততা ২

আন্ধাৰ পোহৰে দুয়ো
 থকাদৰে থাকিবই
 জগতত চিৰদিন
 দ্বন্দ্ব-বিৰুদ্ধতা!
তথাপিতো জগতত যতদিন চমকিব অন্ধকাৰ
 আলোৰ ক্ৰন্দন কৰি


২ সততা সততা = সততা + অসততা

[৫]