এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পৃথিবীৰ মাত একেষাৰ। —
কাণেৰে নুশুনে যোনে' কাণক শুনায় মাথোঁ
তেনে কি ব্ৰহ্মতে পূৰ্ণ
তুমি পুণ্যতনু,
ছিঙি থই ইন্দ্ৰিয়ৰ দ্বাৰ
পলকতে গলাঁ আজি মাৰ?
চকুৰে নেদেখে যোনে চকু কৰে অহৰহ
বিশ্বময় দৰ্শন-ব্যাকুল!
কিবা সি অনন্ত জ্যোতি
অগোচৰ অনাদি অতুল!
নুবুজোঁ তাকোতো হাঁয়
জ্যোতিৰ্ম্ময় ব্ৰহ্ম সি কি
সেয়ে নে কি হলা আজি
তুমি ভক্ত কৰ্ম্মযোগী
জীৱনত আজীৱন
ঈশ্বৰ-আকুল?
নাজানো, তোমাৰ সত্য
সাম্য-শান্তি-প্ৰেম
উড়ি উড়ি বতাহতে
ৰ'ব নেকি জগতত চিৰদিন
অৰণ্য-ৰোদন?
নতু হব বসন্তৰ প্ৰতীক্ষাত
জগতৰ নৱ
১ যোনে, যি (Who) কামৰূপৰ ফালে “যোনে” বোলে । গতিকে কবিতাত মিলৰ অৰ্থে ব্যৱহাৰ কৰা হল৷ —লেখক