পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ৰাঙলী তেজৰে সেই
 চিৰদিন হেঙুলী ৰহনে!
বাজি গলা বাজি ৰ’লা
 আজীৱন জীৱনে মৰণে
 হেঙুলী ঊষাৰ তুমি
 বৰণে বৰণে।

নুবুজোঁ কোন সি অমৰ্ত্ত্য লোক
 আজি য’ত বিৰাজিলাঁ তুমি,
 কেনেবা পোহৰ তাৰ
 কেনেবা আন্ধাৰ?
লভিলাঁ এতিয়া তুমি কিবা নৱ জাগৰণ?
 নতু সি সুষুপ্তি চিৰ
 চিৰ তমসাৰ?
য’ৰ পৰা তুমি আৰু
 কোনো দিনে কেতিয়াও
 নুঠিবা এবাৰ!
চিৰ সি সুষুপ্তি মাথোঁ
 চিৰ তমসাৰ?

আৰুতো নুশুনো পুনু কোনো দিনে কেতিয়াও
 নক্ষৰে নক্ষৰে আৰু
 অক্ষয় অমিয়া সেই—
 কণ্ঠস্বৰ তৱ

[৩]