পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গান্ধী-তৰ্পন

কৰিম তৰ্পন কিবা কবিতাৰে আজি হে তোমাক
 লিখি আৰু নতুন কবিতা?
জীৱন্ত কবিতা তুমি আপুনি মহাত্মা!
 বাজি গলা আজীৱন
 জীৱন-বাঁহীৰে
ফুকাৰি মৰণ-ৰন্ধ্ৰ জীৱন-উচ্ছ্বাসে
 তুচ্ছ কৰি মৰণকো
অনিবাৰ তোমাৰ সি
 অমৰ হাঁহিৰে।
অৰ্দ্ধ ই শতাব্দী ব্যাপি মুক্তি সি স্বৰ্গৰ তুমি
 উষাৰ বৰণে
 নৱ এক বাণীময়
 কৰ্ম্মময়
 জগতৰ কবিতা উদয়।
বাজি গলা বাজি ৰ’লা
 আজীৱন জীৱনে মৰণে,
হেঙুলী ঊষাৰ তুমি বৰণে বৰণে!

ৰঞ্জি শেষাদ্ৰি, আজি বুকুৰ তেজেৰে আহা!
 বাজি গলা কৰুণ বিননি তুমি
 ভাৰতৰ গগনে গগনে
হেঙুলী ঊষাই নিজে ঘোষিব বেদনা ইযে
 ফোঁট পিন্ধি কপালত